কঠোৰ মুখ্যমন্ত্ৰী, প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত অপৰাধীক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰৰ নিৰ্দেশ

দেওবাৰে অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা আধাতে বাতিল কৰা হ’ল।
দেওবাৰে অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা আধাতে বাতিল কৰা হ’ল।
- News18 Assam
- Last Updated: September 20, 2020, 8:51 PM IST
বৰ্তমান দিল্লীত থকা মুখ্যমন্ত্ৰীয়ে আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক কঠোৰ নিৰ্দেশ দিছে। সেইদৰে এই নিযুক্তি প্ৰক্ৰিয়া ব্যৰ্থ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোকো শীঘ্ৰে চিনাক্ত কৰিবলৈও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে।