অসম আৰক্ষীৰ SI নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোড কৰাত অসুবিধাৰ সন্মুখীন হৈছে নেকি? ক্লীক কৰক এই লিংকত

News18 Assam | News18-Assam
Updated:November 16, 2020, 4:09 PM IST
অসম আৰক্ষীৰ SI নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোড কৰাত অসুবিধাৰ সন্মুখীন হৈছে নেকি? ক্লীক কৰক এই লিংকত
চাৰ্ভাৰ ডাউন হৈ থকাৰ বাবেই এই সমস্যাত পৰীক্ষা পৰীক্ষাৰ্থীসকল।

চাৰ্ভাৰ ডাউন হৈ থকাৰ বাবেই এই সমস্যাত পৰীক্ষা পৰীক্ষাৰ্থীসকল।

  • Share this:
অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা। ১৬ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোড প্ৰক্ৰিয়া। পৰীক্ষাৰ্থীসকলে অসম আৰক্ষীৰ নিযুক্তি বোৰ্ডৰ অফিচিয়েল ৱেবচাইট ‘slprbassam.in’ৰ পৰা নিজৰ নিজৰ এডমিট কাৰ্ড ডাউন লোড কৰিব পাৰিব।

কিন্তু আজিৰ প্ৰথম দিনটোতে বহু পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰত সমস্যা পৰিছে। চাৰ্ভাৰ ডাউন হৈ থকাৰ বাবেই এই সমস্যাত পৰিছে পৰীক্ষাৰ্থীসকল।

এইবাৰ পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। সেইদৰে তিনি ঘণ্টাৰ পৰিৱৰ্তে দুঘণ্টীয়া হ’ব পৰীক্ষা। সকলো পৰীক্ষাৰ্থীয়েই আঢ়ৈ ঘণ্টাৰ পূৰ্বেই নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বগৈ লাগিব।

মুঠ পদৰ সংখ্যা ৫৯৭টা। তাৰে ভিতৰত ১৭৯ টা পদ মহিলাৰ বাবে সংৰক্ষিত। উল্লেখযোগ্য যে, ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হৈছিল আৰক্ষী উপ পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষা। কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰশ্ন কাকত ফাদিল হোৱাত বাতিল কৰা হৈছিল পৰীক্ষা।
Published by: Himangshu Bhuyan
First published: November 16, 2020, 4:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading