কিয় গুলীয়াই আত্মহত্যা কৰিলে SI নিপন নাথে? চাঞ্চল্যকৰ অভিযোগ পৰিয়ালৰ

পদ্মেশ্বৰ বৰকটকীয়ে বিভিন্ন অনিয়ম কৰিবলৈ হেঁচা দিছিল SI নিপন নাথক।

News18-Assam
Updated:August 30, 2019, 3:12 PM IST
কিয় গুলীয়াই আত্মহত্যা কৰিলে SI নিপন নাথে? চাঞ্চল্যকৰ অভিযোগ পৰিয়ালৰ
পদ্মেশ্বৰ বৰকটকীয়ে বিভিন্ন অনিয়ম কৰিবলৈ হেঁচা দিছিল SI নিপন নাথক।
News18-Assam
Updated: August 30, 2019, 3:12 PM IST
ধেমাজিৰ চিচিবৰগাঁও থানাৰ SI নিপন নাথৰ আত্মহত্যাক লৈ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে নাথৰ পৰিয়ালে। উপ–পৰিদৰ্শক নিপন নাথক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ বৰকটকীয়ে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ নিপন নাথৰ পৰিয়ালৰ। নিৰ্যাতনত অতিষ্ঠ হৈ নিপন নাথে আত্মহননৰ দৰে পন্থা বাচি লোৱা বুলি অভিযোগ কৰিছে পৰিয়ালে।

পদ্মেশ্বৰ বৰকটকীয়ে বিভিন্ন অনিয়ম কৰিবলৈ হেঁচা দিছিল SI নিপন নাথক। নাথে পৰিয়ালক অৱগত কৰিছিল এই বিষয়ে। নিপন নাথক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। আজি পুৱা নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰিছিল আৰক্ষী বিষয়াজনে। ৰঙিয়াৰ মধুকুছিত ঘৰ মৃত নিপন নাথৰ

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি