মুখ্যপৃষ্ঠা »খবৰ »অসম »BTADত গুপ্ত অস্ত্ৰভাণ্ডাৰ! এটা পষেকত উদ্ধাৰ দহটা অত্যাধুনিক মাৰণাস্ত্ৰ, বৃহৎ পৰিমাণৰ গুলী

BTADত গুপ্ত অস্ত্ৰভাণ্ডাৰ! এটা পষেকত উদ্ধাৰ দহটা অত্যাধুনিক মাৰণাস্ত্ৰ, বৃহৎ পৰিমাণৰ গুলী

সন্দেহজনক স্থানত অভিযান চলালেই এতিয়া উদ্ধাৰ হয় অত্যাধুনিক মাৰণাস্ত্ৰ

সন্দেহজনক স্থানত অভিযান চলালেই এতিয়া উদ্ধাৰ হয় অত্যাধুনিক মাৰণাস্ত্ৰ

সন্দেহজনক স্থানত অভিযান চলালেই এতিয়া উদ্ধাৰ হয় অত্যাধুনিক মাৰণাস্ত্ৰ

  • Share this:
সন্দেহজনক স্থানত অভিযান চলালেই এতিয়া উদ্ধাৰ হয় অত্যাধুনিক মাৰণাস্ত্ৰ ৷ কি AK47, কি AK56, কি HK-33 ৰাইফল? BTADৰ অধীনস্থ কেতবোৰ স্থানৰ পৰা সেনা আৰু আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰি আছে M16, M20 চিৰিজৰ ৰাইফলচো ৷ লগতে 9MM পিষ্টলতো আছেই ৷

পিছে BTADত কোনে লুকুৱাই ৰাখিছে এই সমূহ অত্যাধুনিক মাৰণাস্ত্ৰ? এই মূহূৰ্তত BTADত কোনো বিদ্ৰোহী সংগঠন নাই ৷ কিয়নো বড়োভূমিত থকা NDFBৰ চাৰিওটা গোটেই ভাৰত চৰকাৰৰ সৈতে যোৱা ২৭ জানুৱাৰীত চুক্তিত স্বাক্ষৰ কৰি ইতিমধ্যে অস্ত্ৰ সম্বৰণ কৰিছে ৷

অস্ত্ৰ সম্বৰণৰ সময়ত কম সংখ্যক মাৰণাস্ত্ৰ জমা দিয়াৰ বিষয়টোয়ে চৰ্চা লাভ কৰিছিল ৷ চৰ্চা হৈছিল- ইমান কম সংখ্যক মাৰণাস্ত্ৰ লৈয়ে সশস্ত্ৰ সংগ্ৰাম চলাইছিলনে চাৰিটাকৈ NDFBৰ গোটে?

কিন্তু অস্ত্ৰ সম্বৰণৰ পিছত এতিয়া সেনা-আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলালে এটাৰ পিছত এটাকৈ অত্যাধুনিক মাৰণাস্ত্ৰ উদ্ধাৰ হয় ৷ চলিত এটা পষেকত BTADত আৰক্ষীয়ে চলোৱা এনে অবৈধ মাৰণাস্ত্ৰ বিৰোধী অভিযানত উদ্ধাৰ হৈছে দহটাকৈ স্বয়ংক্ৰিয় ৰাইফল ৷

যোৱা ৫ জুলাইত ওদালগুৰি আৰক্ষীয়ে দুটা AK56 ৰাইফল, তিনিটা মেগজিনসহ গুলী, এটা M20 আৰু এটা এটা 9MM পিষ্টল, মেগজিনসহ গুলী দুটা সুকীয়া অভিযানত উদ্ধাৰ কৰিছিল ৷

শণিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে টিপকাই আৰক্ষী চকীৰ অধীনস্থ অঞ্চলত অভিযান চলাই উদ্ধাৰ কৰে এটা AK47 ৰাইফল ৷ একেদিনাই বাক্সা আৰক্ষীয়ে গোৰেশ্বৰ আৰক্ষী থানাৰ অধীনস্থ অঞ্চলত অভিযান চলাই উদ্ধাৰ কৰে দুটা AK47 ৰাইফল, দুটা 9MM পিষ্টল আৰু শিমলা আৰক্ষী থানাৰ অধীনত অভিযান চলাই উদ্ধাৰ কৰে এটা AK47 ৰাইফল ৷

কোকৰাঝাৰ আৰু বাক্সাত একে দিনাই চাৰিটাকৈ AK47 উদ্ধাৰ কৰাৰ এদিন পিছত অৰ্থাৎ দেওবাৰেও BTADত উদ্ধাৰ হ'ল অবৈধ মাৰণাস্ত্ৰ ৷ দেওবাৰে ওদালগুৰি আৰক্ষীয়ে হৰিশিঙাৰ লক্ষ্মী নদীৰ পাৰৰ পৰা এটা HK-33,এটা M16, এটা AK47 আৰু বহু সংখ্যাক গুলী উদ্ধাৰ কৰে ৷ দেওবাৰৰ দিনটোত চিৰাং আৰক্ষীও বহি নাথাকিল ৷ বিজনী আৰক্ষী থানাৰ অধীনত অভিযান চলাই উদ্ধাৰ কৰে গুলীসহ এটা HK-33 ৰাইফল ৷

শেহতীয়া বাতৰি