অসমৰ বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰাৰ অন্তত আজি দিনৰ প্ৰায় বিয়লি ৪:৩০ বজাত অসম আৰক্ষীৰ জনপ্ৰিয় তথা শীৰ্ষ আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত অসম আৰক্ষীৰ ৰাইড অব প্রাইড মটৰচাইকেল দলে আজি চৰাইদেউ জিলাত প্ৰৱেশ কৰে ।
উল্লেখ্য যে, অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা প্ৰেছিডেণ্টচ কালাৰ্ছ সন্মান পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ২৭ খন জিলাৰ দুহেজাৰ ৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে পহিলা মে'ত ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা অসম আৰক্ষীৰ ৰাইড অব প্রাইড ‘ মটৰচাইকেল ’ ৰেলীক চৰাইদেউত আজি উষ্ম আদৰণি জনোৱা হয় ।
অসম আৰক্ষীৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক ( ক্রীড়া ) আনন্দ মিশ্ৰৰ নেতৃত্বত অহা জাতীয় সংহতি মটৰচাইকেল ৰেলীত অংশগ্রহণ কৰা আৰক্ষী বিষয়াসকলক জিলা সদৰ সোণাৰি নগৰস্থিত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চৰাইদেউ আৰক্ষীৰহৈ আৰক্ষী অধীক্ষক যুৱৰাজ সিঙে ফুলাম গামোচাৰে আদৰণি জনায়।
এই উপলক্ষে আজি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় প্ৰাংগণত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানতে অসম আৰক্ষীৰ হৈ কৰ্তব্য নিৰ্বাপন কৰোতে প্ৰাণৰ আহুতি দিয়া পাঁচগৰাকী শ্বহীদ আৰক্ষীৰ পৰিয়ালক চৰাইদেউ আৰক্ষীৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে চৰাইদেউ জিলাৰ ছয়গৰাকী জ্যেষ্ঠ নাগৰিক, তিনিগৰাকী সদ্য অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা জোৱান আৰু বহুকেইগৰাকী সমাজকৰ্মীকো বিশেষ সম্বৰ্ধনা জনোৱা হয়।
উল্লেখ্য যে, অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা আৰক্ষী পতাকা লাভ কৰাটোক অসম আৰক্ষীৰ দক্ষতা আৰু পাৰদৰ্শিতাৰ এক বৃহৎ সফলতা বুলি গণ্য কৰি অসম আৰক্ষীৰ সহকাৰী উপ - মহাপৰিদৰ্শক মিশ্ৰৰ নেতৃত্বত অহা মটৰ চাইকেল অভিযানকাৰী আৰক্ষীৰ এই দলটোৱে নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰি সাত ৭ মে’ত গুৱাহাটীত উপস্থিত হ’ব ।
আনহাতে ১০ মে'ত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজন হ'বলগীয়া এক বিশেষ অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক দেশৰ ৰাষ্ট্ৰপতিৰ হৈ প্ৰেছিডেণ্টচ কালাৰ প্ৰদান কৰিব। উল্লেখ্য যে, এই সন্মানেৰে সন্মানিত অসম আৰক্ষী দেশৰ দশমখন ৰাজ্যৰ ৰাজ্যিক আৰক্ষী।
আনহাতে এই অনুষ্ঠানৰ ভাষণ কালত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজৰ লগতে অসম আৰক্ষীৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক ( ক্রীড়া ) আনন্দ মিশ্ৰই President's Colour To Assam Police সন্দৰ্ভত সভাত উপস্থিত সকলোৰ লগতে চৰাইদেউবাসীক অৱগত কৰে আৰু আনন্দ মিশ্ৰই অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ তথা বৰ অসমৰ প্ৰথম ৰাজধানী চৰাইদেউ এই ঐতিহাসিক অনুষ্ঠানৰ অংশীদাৰ হোৱাটো চৰাইদেউবাসীৰ বাবে গৌৰৱময় ক্ষণ বুলি উল্লেখ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|