অসম মিজোৰাম আন্তঃৰাজ্য সীমান্তত (Assam-Mizoram Border Conflict) শান্তি স্থাপনৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ঘূৰাই দিলে সীমান্তত মিজোৰামৰ পৰা জব্দ কৰা নিৰ্মাণ সামগ্ৰী। আজি হাইলাকান্দি (Hailakandi) আৰক্ষীয়ে মিজোৰাম আৰক্ষীৰ হাতত গতাই দিয়ে জব্দ কৰা ৰড, চিমেণ্ট আদি সামগ্ৰী। যোৱা ২১ তাৰিখে সীমান্তৱৰ্তী কচুৰথল এলেকাৰ পৰা হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰিছিল এই সামগ্ৰীখিনি।
হাইলাকান্দি আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে জানিব দিয়া তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ সচীবৰ মধ্যস্থতাত দুই ৰাজ্যৰ মূখ্য সচিব আৰু আন উচ্চ পদস্থ বিষয়াৰ মাজতে আজি এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দুই ৰাজ্যৰ সীমান্তত সকলো প্ৰকাৰ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
ইপিনে মিজোৰাম (Mizoram)ৰ কলাছিব (Kolasib) জিলাৰ ভৈৰৱী আৰক্ষী চকিত অসম আৰক্ষীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ উত্থাপন কৰি এটা গোচৰ তৰিছে কলাছিব জিলাৰ উপায়ুক্ত ডঃ এইছ লালথলাংলিনায়।
উল্লেখ্য, যোৱা ১০ দিনৰ পৰা প্ৰতিনিয়ত হাইলাকান্দি জিলাৰ বিভিন্ন প্ৰান্তত অসমৰ ভূমি বেদখলৰ চেষ্টা চলাইছে মিজো দুৰ্বৃত্তই। যোৱা ২১ আগষ্টত আকৌ হাইলাকান্দি জিলাৰ সীমান্তৱৰ্তী কচুৰথল (Kachurthal) এলেকাত বেদখলৰ চেষ্টা চলায় মিজোৰামে। ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট এলেকাত থকা কচুৰথলত এটা কালভাৰ্ট নিৰ্মাণৰ চেষ্টা চলায় মিজোৰামৰ লোকে।
ঘটনাৰ খবৰ পাই দেওবাৰে পুৱাৰ পৰাই সীমান্ত এলেকাত মোতায়েন কৰা হৈছিল অসম আৰক্ষীৰ বিশাল বাহিনী। বুলেটপ্ৰুফ আৰ্মড গাড়ীসহ সীমান্ত এলেকাত কাঢ়া নিৰাপত্তা বেষ্টনি গড়ী তুলিছিলে অসম আৰক্ষীয়ে । ইয়াৰ পিছতে নিৰ্মাণ সামগ্ৰী এৰি পলায়ন কৰিছিল মিজো লোকসকলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|