কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউন নেওচি একাংশ লোকে এতিয়াও ঘূৰি ফুৰিছে ৰাজপথত৷ যাৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে সমগ্ৰ ৰাজ্যজুৰি৷ এনে লোকৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী৷ অসম আৰক্ষীয়ে লকডাউন উলংঘা কৰা বা ছচিয়েল মিডিয়াত উৰা বাতৰি, ভুৱা তথ্য প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা৷
অসম আৰক্ষীয়ে লকডাউন উলংঘা কৰা লোকৰ বিৰুদ্ধে ৰাজ্যজুৰি চলাইছে ব্যাপক অভিযান৷ ৰাজ্যত বৰ্তমানলৈকে লকডাউন অমান্য কৰা ১০৯৪টা ঘটনা সংঘটিত হৈছে৷ আৰক্ষীয়ে এই ঘটনাৰ বাবে ৰাজ্যজুৰি ৰুজু কৰিছে ৫৬২টা গোচৰ৷ গ্ৰেপ্তাৰ কৰিছে ১২৩৫ জনক৷ নাও,গাড়ী, দুচকীয়া বাহনসহ জব্দ কৰিছে ৫৭৫৯খন৷ জৰিমনা সংগ্ৰহ কৰিছে ২১ লাখ ৫০ হাজাৰ ৮০০ টকা৷
আনহাতে, ছচিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমত ভুৱা বাতৰি, উৰা বাতৰি প্ৰচাৰ কৰা বিভিন্ন লোকৰ বিৰুদ্ধেও লৈছে কঠোৰ পদক্ষেপ৷ উৰা বাতৰি প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰিছে অৰ্ধশতাধিক গোচৰ৷ বৰ্তমানলৈকে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত ভুৱা বাতৰি প্ৰকাশ কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰিছে ৫২টা গোচৰ আৰু গ্ৰেপ্তাৰ কৰিছে ২৫জন লোকক৷ গ্ৰেপ্তাৰ কৰা লোকৰ ভিতৰত আছে ধিঙৰ বিধায়ক আমিনুল ইছলামো৷ আনহাতে, ৮ গৰাকী লোকক CrPC 41 (A) ধাৰাত জাননী দি যাবলৈ দিয়া হৈছে ৷
অকল ইমানেই নহয়, অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰায় ১০ হাজাৰ পৰিয়ালক দিছে সাহায্য৷ অসম আৰক্ষীৰ উপ–মহাপৰিদৰ্শক দিগন্ত বাৰাই News18ক দিয়া সাক্ষাৎকাৰত কয়, ‘অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত খাদ্যবস্তুৰ অভাৱত থকা প্ৰায় ১০ হাজাৰ পৰিয়ালক বিভিন্ন NGOৰ সহযোগত প্ৰদান কৰা হৈছে খাদ্য সামগ্ৰীৰসহ বিভিন্ন ঔষধ৷ লগতে অসম আৰক্ষীয়ে ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা লোকৰ বাবে ২৪ ঘণ্টীয়া হেল্প লাইন নম্বৰ মুকলি কৰিছে ৷’
তদুপৰি কোভিড–১৯ৰ কাৰণে মানসিক চাপ, মানসিক অস্থিৰতা দূৰ কৰাৰ কাৰণেও কৰিছে Telecounseselling হেল্পলাইন নম্বৰ৷ য’ত মানসিক চাপত থকা লোকে ফোন কৰি counselling ল’ব পাৰে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|