মিজোৰামৰ লাইলাপুৰত মিজো আৰক্ষীৰ ধাৰাসাৰ গুলীচালনাত ছজন অসম আৰক্ষীৰ বিষয়া জোৱান আৰু এজন সাধাৰণ লোক নিহত হোৱাৰ পিছত অসম আৰক্ষীক অধিক শক্তিশালী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৷ বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আয়োজিত আয়োজিত দ্বাদশ কেবিনেট বৈঠকত এই বিষয়ত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
কেবিনেট বৈঠকৰ অন্তত আয়োজিত কেবিনেট ব্ৰিফিঙত কেবিনেট মুখপাত্ৰ পীয়ুষ হাজৰিকাই সদৰি কৰে- “আজিৰ কেবিনেটে অসম আৰক্ষীত নতুনকৈ পাঁচটা বেটেলিয়ন গঠন কৰাৰ সিদ্ধান্ত লয় ৷ এই নতুন পাঁচটা বেটেলিয়নত মুঠ ৬,২৭০জনক নিযুক্তি দিয়া হ'ব ৷”
সমান্তৰালকৈ অসম আৰক্ষীত খালী হৈ থকা পোন্ধৰ হাজাৰ পদ পূৰণৰ প্ৰক্ৰিয়া ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত বুধবাৰৰ কেবিনেটত লোৱা হয় ৷
ইপিনে কেবিনেটত অসম আৰক্ষীক শক্তিশালী কৰাৰ বাবে কেতবোৰ নীতি-নিয়ম প্ৰস্তুত কৰাৰ বাবে এক কমিশ্যন গঠনৰো সিদ্ধান্ত ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত গ্ৰহণ কৰা হয় ৷
কেবিনেট মুখপাত্ৰ পীয়ুষ হাজৰিকা জনাই- “অসমৰ আৰক্ষী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে পুলিচ কমিশ্যন গঠন কৰা হৈছে ৷ অৱসৰ প্ৰাপ্ত IAS হিমাংশু শেষৰ দাস আৰু অৱসৰপ্ৰাপ্ত IPS পিভি সুমন্তক লৈ গঠন কৰা হৈছে পুলিচ কমিশ্যন ৷ দুয়োজনকে মুখ্য সচিব পৰ্যায়ৰ মৰ্যাদা দিয়া হৈছে আৰু তেওঁলোকৰ কাৰ্যকাল হ'ব তিনি মাহ ৷”