உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰাটো গৌৰৱময় কথা, নিঃসন্দেহে ৰাষ্ট্ৰপতি নিচানৰ অধিকাৰী অসম আৰক্ষী : অমিত শ্বাহ

    ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰাটো গৌৰৱময় কথা, নিঃসন্দেহে ৰাষ্ট্ৰপতি নিচানৰ অধিকাৰী অসম আৰক্ষী : অমিত শ্বাহ

    কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, ছিণ্ডিকেটসমূহ শেষ কৰা, চাইবাৰ অপৰাধ ৰোধ আদি বহু কাম হৈ আছে অসমত। সকলো দিশৰ পৰা অসম আৰক্ষী ৰাষ্ট্ৰপতি নিচানৰ বাবে যোগ্য।

    • Share this:
    অসম আৰক্ষীৰ বাবে গৌৰৱৰ দিন। ৰাষ্ট্ৰপতি নিচানেৰে সন্মানিত হ’ল অসম আৰক্ষী। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক সন্মানিত কৰিলে ৰাষ্ট্ৰপতি নিচানেৰে।

    নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত অমিত শ্বাহে ক’লে, ‘‘শ্ৰীমন্ত শংকৰদেৱ, মা কামাখ্যা, বীৰ লাচিতৰ ভূমি অসম। ব্ৰহ্মপুত্ৰৰ পানী আৰু ভূপেন হাজৰিকাৰ সংগীত চিৰপ্ৰবাহিত অসমত।’’

    ‘‘ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰাটো অসাধাৰণ ঘটনা, গৌৰৱময় কথা। অসম ৰাইফলছৰ দৰে শাখা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ অসম আৰক্ষীয়ে জন্ম দিছিল। সন্ত্ৰাসবাদ, অপৰাধ নিয়ন্ত্ৰণ, অনুপ্ৰৱেশৰ সমস্যা আদিৰ বিৰুদ্ধে সগৌৰৱে যুঁজিছে আৰক্ষীয়ে। অপাৰেচন ৰাইন'ৰ সময়তো অসম আৰক্ষীয়ে ভাৰতীয় সেনাক সহায় কৰিছিল। সেয়ে নিঃসন্দেহে ৰাষ্ট্ৰপতি নিচানৰ অধিকাৰী অসম আৰক্ষী।’’ – মন্তব্য অমিত শ্বাহৰ।

    কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, এতিয়া অসমৰ পৰা আফস্পা কিছু পৰিমাণে প্ৰত্যাহাৰ কৰা হৈছে যদিও সম্পূৰ্ণভাৱে এয়া প্ৰত্যাহাৰ হ'ব। ছিণ্ডিকেটসমূহ শেষ কৰা, চাইবাৰ অপৰাধ ৰোধ আদি বহু কাম হৈ আছে অসমত। সকলো দিশৰ পৰা অসম আৰক্ষী ৰাষ্ট্ৰপতি নিচানৰ বাবে যোগ্য। দেশৰ ভিতৰতে অসম আৰক্ষীয়ে উচ্চ স্থান পাবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰাটো সোণালী আখৰেৰে লিখা থাকিব।
    Published by:Sanjay Kumar Das
    First published: