নিৰ্লজ্জ! মাছৰ গাড়ীৰ পৰা ৩০০টকা উৎকোচ লোৱা অসম আৰক্ষীৰ ভিডিঅ’ ভাইৰেল

দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগৰ দায়িত্বত থকা আৰক্ষীৰ নিৰ্লজ্জ স্বৰূপ।

News18-Assam
Updated:September 23, 2019, 8:36 AM IST
নিৰ্লজ্জ! মাছৰ গাড়ীৰ পৰা ৩০০টকা উৎকোচ লোৱা অসম আৰক্ষীৰ ভিডিঅ’ ভাইৰেল
দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগৰ দায়িত্বত থকা আৰক্ষীৰ নিৰ্লজ্জ স্বৰূপ।
News18-Assam
Updated: September 23, 2019, 8:36 AM IST
অসম আৰক্ষীৰ নিৰ্লজ্জ কাণ্ডক উদঙাই দিয়া এক ভাইৰেল ভিডিঅ’! মাছৰ গাড়ীৰ পৰা ধন সংগ্ৰহত ব্যস্ত হৈ পৰিছে খোদ আৰক্ষী৷ মাছৰ চিণ্ডিকেটত স্বয়ং অসম আৰক্ষী জড়িত হৈ পৰাৰ ভিডিঅ’ আহি পৰিছে আমাৰ হাতত ৷ কংগ্ৰেছৰ দিনত আৰম্ভ হোৱা বুলি চৰ্চিত দুৰ্নীতি এতিয়া দুগুণে চৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত।
প্ৰশ্ন উঠিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱা শূণ্য সহনশীলতাৰ শ্লোগানৰ প্ৰাসংগিকতা ক’ত?

চাওকঃ

মই তোক ৫০০ টকাও ক’ব পাৰিলোহেতেন! (অশ্লীল) কিমানদিন হ’ল তোৰ? জাননে নাই ইয়াত কিমানদিনৰ পৰা আছো। ৩০০টকা প্ৰতিখন গাড়ীত।


ভিডিঅ’টোত এনেকৈ কোৱা দেখা গৈছে আৰক্ষী জোৱানজনক। তেওঁ আনকি দাবী কৰা ধন লোৱাৰ দৃশ্যও বন্দী হৈছে ভিডিঅ’ত। দৰ–দামক লৈ তেওঁ ধমকি দিয়াও দেখা গৈছে ব্যক্তিকেইজনক। প্ৰচলিত ‘ৰেট’ক লৈ তেওঁ খঙত টিঙিৰি–তোলাও হৈছে।

Social Media ত Viral হৈ পৰা ভিডিঅ’টোত এয়া ধুবুৰীৰ দৃশ্য৷ এখন মাছৰ গাড়ীৰ পৰা ৩০০ টকাকৈ উৎকোচ লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ বিভাগৰ দায়িত্বত থকা অসম আৰক্ষীয়ে৷ আনকি খাকী পোছাকধাৰী আৰক্ষী জোৱানজনে টকা বিচাৰি অশ্লীল ভাষাৰে গালিগালাজ কৰাৰ নিৰ্লজ্জ কাণ্ডও বন্দী হৈছে এই ভিডিঅ’ত। ৰাজ্যখনত চুপাৰী চিণ্ডিকেট, কয়লা চিণ্ডিকেটৰ পিছত এইবাৰ যেন আৰম্ভ হৈছে মাছৰ চিণ্ডিকেট!
আৰু চাওক পৰৱৰ্তী বাতৰি