পি কে দত্ত আৰু দিবন ডেকাক ম’ষ্ট ৱাণ্টেড ঘোষণা অসম আৰক্ষীৰ

News18 Assam | News18-Assam
Updated:September 28, 2020, 7:13 PM IST
পি কে দত্ত আৰু দিবন ডেকাক ম’ষ্ট ৱাণ্টেড ঘোষণা অসম আৰক্ষীৰ
আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা দুৰ্নীতিৰ নিতৌ উন্মোচিত হৈছে ন ন তথ্য। শাসকীয় বিজেপিয়ে এই ঘটনাৰ লগত দলৰ নেতা জড়িত নহয় বুলিও দাবী কৰিছে।

আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা দুৰ্নীতিৰ নিতৌ উন্মোচিত হৈছে ন ন তথ্য। শাসকীয় বিজেপিয়ে এই ঘটনাৰ লগত দলৰ নেতা জড়িত নহয় বুলিও দাবী কৰিছে।

  • News18 Assam
  • Last Updated: September 28, 2020, 7:13 PM IST
  • Share this:
আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা দুৰ্নীতিৰ নিতৌ উন্মোচিত হৈছে ন ন তথ্য। শাসকীয় বিজেপিয়ে এই ঘটনাৰ লগত দলৰ নেতা জড়িত নহয় বুলিও দাবী কৰিছে। তাৰ মাজতে বিজেপি নেতা দিবন ডেকা আৰু প্ৰাক্তন ডি আই জি পি কে দত্তক ম’ষ্ট ৱাণ্টেড হিচাপে প্ৰথমবাৰলৈ আনুষ্ঠানিকভাবে ঘোষণা কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

পলাতক এই দুই মাষ্টাৰ মাইণ্ডৰ খবৰ দিওতলৈ সোমবাৰে পুৰস্কাৰ ঘোষণা কৰিলে অসম আৰক্ষীয়ে। উল্লেখযোগ্য যে, আৰক্ষীৰ সঞ্চালকগৰাকীৰ সোমবাৰৰ সংবাদমেলত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰী সংক্ৰান্তীয় নিউজ18ত ধাৰাবাহিক ভাবে প্ৰকাশ পোৱা সকলো খবৰ সঁচা প্ৰমাণিত হ’ল।

ক্ৰাইম ব্ৰাঞ্চ আৰু চি আই ডিয়ে যোৱা এটা সপ্তাহত ঘটনা সন্দৰ্ভত বহু গোপন তথ্য পোহৰলৈ আনিছে। পি কে দত্তই প্ৰদান কৰা প্ৰশ্নকাকত ধনৰ বিনিময়ত পৰীক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰিছিল দিবন ডেকাই। দুই মাষ্টাৰ মাইণ্ড নেপালত বৰ্তমান আত্মগোপন কৰি থকাৰ সন্ধান পাইছে অসম আৰক্ষীয়ে।

এতিয়ালৈ এই কেলেংকাৰীৰ লগত জড়িত ৯ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে থেংক ইউ ল'জ আৰু পি কে দত্তৰ ‘হোটেল ভাৰ্গৱ’ত ‍বহু আপত্তিজনক সমগ্রী লাভ কৰিছে আৰক্ষীয়ে।একেদৰে,চি আই ডিয়ে পি কে দত্তৰ বাসগৃহৰ পৰা জব্দ কৰিছে পৰীক্ষাৰ্থীৰ ই- এডমিট কাৰ্ড আৰু ম্যাদ উকলি যোৱা পিষ্টল আৰু ১ কেজি ৫২২ গ্ৰাম সোণ।

ইতিমধ্যে এই বৃহৎ কেলেংকাৰীৰ এখন দীঘলীয়া লিষ্ট  প্ৰস্তুত কৰিছে অসম আৰক্ষীয়ে। য’ত আৰক্ষীৰ জালত পৰিব বহু নেতাৰ লগতে শীৰ্ষ বিষয়া।
Published by: Himangshu Bhuyan
First published: September 28, 2020, 7:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading