ইনচাছ ৰাইফলসহ নিখোজ হৈ আছে জোৱানজন। ১৬ আই আৰ বি এন(16 IRBN)ৰ জোৱান ঋতু বৰা ।
ইনচাছ ৰাইফলসহ নিখোজ হৈ আছে জোৱানজন। ১৬ আই আৰ বি এন(16 IRBN)ৰ জোৱান ঋতু বৰা ।
পশ্চিম কাৰ্বি আংলং জিলাৰ কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত এজন জোৱান শুকুৰবাৰৰ পৰা নিখোজ হৈ থকাত সৃষ্টি হৈছে চাঞ্চল্যৰ। নিখোজ জোৱানজন ১৬ আই আৰ বি এন (16 IRBN)ৰ ঋতু বৰা বুলি জানিব পৰা গৈছে। জোৱানজনৰ ইনচাছ ৰাইফলটোৰো সন্ধান পোৱা নাই আৰক্ষীয়ে। শুকুৰবাৰৰ নিশা কৰ্তব্যস্থলীৰ পৰা নিখোজ হৈ থকা জোৱানজনৰ বৰ্তমানলৈ লাভ কৰা নাই কোনো খবৰ।
ইতিমধ্যে জিলাৰ আৰক্ষী অধীক্ষক আজা গৌৰাং বসুমতাৰীৰ নেতৃত্বত জোৱানজনক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে। আজি আৰক্ষী অধীক্ষকজনে কাৰ্বি-লাংপি জল বিদ্যুৎ প্ৰকল্পলৈ গৈ জোৱানজন নিৰুদ্দেশ হোৱা সংক্ৰান্তত তদন্ত চলায় যদিও এই মুহূৰ্তলৈ আৰক্ষীয়ে লাভ কৰা নাই কোনো শুংসূত্ৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|