• Home
  • »
  • News
  • »
  • assam
  • »
  • হোম কোৱাৰেণ্টাইনত থকা লোকৰ বাবে আৰক্ষীৰ বিশেষ প্ৰযুক্তি, ওলাই আহিলেই পৰিব বিপদত!

হোম কোৱাৰেণ্টাইনত থকা লোকৰ বাবে আৰক্ষীৰ বিশেষ প্ৰযুক্তি, ওলাই আহিলেই পৰিব বিপদত!

বৈঠকৰ অন্তত ADGP জি পি সিঙে এই পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে ৰাইজৰ সহায়– সহযোগ বিচৰাৰ লগতে যিসকল লোকক হোম কোৱাৰেণ্টাইন কৰা হ’ব তেওঁলোকৰ ওপৰত নজৰ ৰখাৰ বাবে প্ৰযুক্তিৰ সহায় লোৱা হ’ব বুলি কয়৷

  • Share this:
২৫ মে'ৰ পৰা দেশজুৰি আৰম্ভ হ’ব ঘৰুৱা বিমান সেৱা৷ তাৰ লগে লগে ৰে’ল মন্ত্ৰণালয়ে আৰম্ভ কৰিব দেশজুৰি ২০০খন নতুন ৰে’লৰ চলাচল৷ বিমান সেৱা আৰু ৰে’ল সেৱা আৰম্ভ হোৱা লগে লগেই অসমলৈ আগমন বহিঃৰাজ্যত বন্দী হৈ থকা অসমীয়াসকলৰ৷ সেই লোকসকল অসমত উপস্থিত হোৱাৰ পিছত কেনেধৰনৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ অসম আৰক্ষীৰ আইন শৃংখলাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে বৈঠকত মিলিত হয় মহানগৰ আৰক্ষীৰ বিষয়াসকলৰ সৈতে ৷

বৈঠকত অসমলৈ ঘূৰি অহাৰ লোক সকলক কোৱাৰেণ্টাইন, স্ক্ৰীণিং, হোম কোৱাৰেণ্টাইন কৰাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব তাৰ ওপৰত আলোচনা কৰে মহানগৰ আৰক্ষীৰ বিষয়াসকলৰ সৈতে৷ বিশেষকৈ বিমানবন্দৰ, ৰে’ল ষ্টেচন, বাছ আস্থানসমূহত আৰক্ষীয়ে কেনেদৰে যাত্ৰীসকলক স্ক্ৰীণিং কৰিব, কোৱাৰেণ্টাইন চেণ্টাৰলৈ কেনেদৰে নিব, ঘৰত কোৱাৰেণ্টাইন কেনেদৰে কৰিব সেই বিষয়সমূহক লৈ পৰিকল্পনা কৰা হয়৷

বৈঠকৰ অন্তত ADGP জি পি সিঙে এই পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে ৰাইজৰ সহায়– সহযোগ বিচৰাৰ লগতে যিসকল লোকক হোম কোৱাৰেণ্টাইন কৰা হ’ব তেওঁলোকৰ ওপৰত নজৰ ৰখাৰ বাবে প্ৰযুক্তিৰ সহায় লোৱা হ’ব বুলি কয়৷ কোনো লোকক যদি হোম কোৱাৰেণ্টাইনত ৰখা হয় সেই সকলৰ ওপৰত নজৰ ৰাখিবলৈ সহায় লোৱা ল’ব মোবাইল কোম্পানীৰ৷ হোম কোৱাৰেণ্টাইন কৰা লোকৰ মোবাইল নেটৱৰ্কৰ টাৱাৰ লোকেচন চোৱা হ’ব৷ যদি ঘৰৰ বাহিৰলৈ ওলোৱা পোৱা যায় তেন্তে তেনে লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ল’ব আইনি ব্যৱস্থা৷

আনহাতে, অকল ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকৰ ক্ষেত্ৰতে নহয় বৰ্তমান ৰাজ্যত কোৱাৰেণ্টাইনত থকা লোকসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব একে ব্যৱস্থা৷ আনহাতে ৰাজহুৱা স্থানত সামাজিক দূৰত্ব নমনা লোকৰ বাবেও অসম আৰক্ষীয়ে লৈছে নতুন পৰিকল্পনা৷ য’ত সাধাৰণ পোছাকত থকা আৰক্ষীয়ে নজৰ ৰাখিব ৰাজহুৱা স্থানসমূহত৷ যদি কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে  সামাজিক দূৰত্ব নামানে তেনে লোকৰ বিৰুদ্ধেও লোৱা হব আইনী ব্যৱস্থা৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি