বিতৰ্কিত প্ৰাক্তন DIG পি কে দত্তক বিচাৰি অসম আৰক্ষীয়ে ডিব্ৰুগড়ত চলালে তীব্ৰ অভিযান। ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰৰ শহুৰেকৰ বাসগৃহত বৃহস্পতিবাৰে বহু সময় ধৰি আৰক্ষীয়ে অভিযান চলায়। পশ্চিম মিলন নগৰত থকা শহুৰেক স্বৰ্গীয় টংকেশ্বৰ কাকতি বাসগৃহত অভিযান চলাই আৰক্ষীয়ে কি কি তথ্য লাভ কৰে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। আনহাতে চহৰখনৰ শান্তিপাৰাৰ কে পি ৰোডত থকা পি কে দত্তৰ ভাতৃৰ ঘৰটো আৰক্ষীয়ে চলাই অভিযান।
ধনকুবেৰ ৰূপে পৰিচিত পি কে দত্ত ডিব্ৰুগড়ত অজস্ৰ সম্পত্তিৰ গৰাকী বুলি জানিব পৰা গৈছে। প্ৰাক্তন আৰক্ষী সঞ্চালক পি কে দত্তৰ আছে ডিব্ৰুগড়ত ১১০ বিঘা মাটি। লগতে বৰ্তমান ডিব্ৰুগড়ত এটা বিশাল ফ্লেটো নিৰ্মীয়মান অৱস্থাত আছে। ইয়াৰ উপৰিও ডিব্ৰুগড়ত পি কে দত্তৰ এখন বিলাসী হোটেল, পাঁচটাকৈ ফ্লেট, এখন চাহ বাগিছাও আছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।
উল্লেখ্য যে, পি কে দত্ত হ’ল এসময়ৰ ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি প্ৰয়াত জয়ন্ত দত্তৰ ভাতৃ। জয়ন্ত দত্তক ২০০১ চনৰ ১ মে' তাৰিখে চহৰখনৰ সোনাৰীপট্টিত নিশা উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল। উক্ত ঘটনাত পাঁচ গৰাকী বিজেপিৰ নেতা-কৰ্মীৰ মৃত্যু হৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|