‘SI নিযুক্তি কেলেংকাৰীত জড়িত সকলেই PNRD নিযুক্তি কেলেংকাৰীত জড়িত’- CBI তদন্তৰ দাবী অখিল গগৈৰ

News18 Assam | News18-Assam
Updated:September 26, 2020, 11:48 AM IST
‘SI নিযুক্তি কেলেংকাৰীত জড়িত সকলেই PNRD নিযুক্তি কেলেংকাৰীত জড়িত’- CBI তদন্তৰ দাবী অখিল গগৈৰ
এই কেলেংকাৰীত জড়িত সকল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ লগতো জড়িতঃ অখিল গগৈ

এই কেলেংকাৰীত জড়িত সকল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ লগতো জড়িতঃ অখিল গগৈ

  • News18 Assam
  • Last Updated: September 26, 2020, 11:48 AM IST
  • Share this:
ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত এইবাৰ মুখ খুলিছে কৃষক নেতা অখিল গগৈয়ে। অখিল গগৈৰ মতে, অসম লোকসেৱা আয়োগৰ কেলেংকাৰীতকৈও ভয়ংকৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰী। অখিলৰ ভয়ংকৰ অভিযোগ- অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ লগত জড়িতসকল পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ নিযুক্তি কেলেংকাৰীতো জড়িত।

সমগ্ৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব CBIক দিবলৈ দাবী জনালে কৃষক নেতাজনে। অখিল গগৈৰ মতে, অভিযুক্ত প্ৰাঞ্জল বৰুৱাক জেৰা কৰিলেই সকলো তথ্য ওলাই পৰিব। সমগ্ৰ বিষয়টোত অখিল গগৈয়ে চোকা সমালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। লগতে গৃহমন্ত্ৰীৰ দায়িত্বৰ পৰা সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰিব লাগে বুলিও উল্লেখ কৰে।

ইফালে অখিল গগৈয়ে ল’ক ডাউৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা প্ৰতিটো পৰিয়ালক ১০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্যান্য জাতীয় দল সংগঠনক একত্ৰিত নকৰি সদৌ অসম ছাত্ৰ সন্থাই ঐতিহাসিক ভুল কৰিলে বুলিও মন্তব্য কৰে কৃষকনেতাজনে।
Published by: Himangshu Bhuyan
First published: September 26, 2020, 11:41 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading