‘অসম এৰি AGP নেতা তপন দাস আমেৰিকালৈ, কোৰোণাত আক্ৰান্ত বিধায়ক বিমল বৰা!’- SI কেলেংকাৰীত এইবাৰ নাম সাঙোৰ খাইছে অগপ-বিজেপি নেতাৰ

চাকৰিৰ জীৱনত দুৰ্নীতিৰে শ শ কোটি টকাৰ মালিক হৈছিল অৱসৰপ্ৰাপ্ত DIG প্ৰশান্ত কুমাৰ দত্ত ৷ অসমৰ সমাজ জীৱনৰ কলংকিত অধ্যয় গুপ্তহত্যাৰ অন্যতম খলনায়ক হিচাপে জনাজাত প্ৰশান্ত কুমাৰ দত্ত এতিয়া পলাতক ৷
চাকৰিৰ জীৱনত দুৰ্নীতিৰে শ শ কোটি টকাৰ মালিক হৈছিল অৱসৰপ্ৰাপ্ত DIG প্ৰশান্ত কুমাৰ দত্ত ৷ অসমৰ সমাজ জীৱনৰ কলংকিত অধ্যয় গুপ্তহত্যাৰ অন্যতম খলনায়ক হিচাপে জনাজাত প্ৰশান্ত কুমাৰ দত্ত এতিয়া পলাতক ৷
- News18 Assam
- Last Updated: September 28, 2020, 4:36 PM IST
উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্ন কাকত আগতীয়াকৈ সংগ্ৰহ কৰি চাকৰিৰ ৰমৰমীয়া বেপাৰ আৰম্ভ কৰা এই ঘটনাত অগপ, বিজেপিৰ একাংশ নেতা জড়িত থকাৰ দাবী কৰিছে বিৰোধী কংগ্ৰেছ আৰু AIUDFএ ৷ AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে দাবী কৰিলে- “বিজেপিৰ টিংখাঙৰ বিধায়ক বিমল বৰাও জড়িত SIৰ নিযুক্তি কেলেংকাৰীত ৷”
বিমল বড়াই সোমবাৰে সামাজিক মাধ্যম ফেছবুকত এই সন্দৰ্ভত এটা আপডেট দিয়া দেখা গ'ল ৷ এজন জনপ্ৰতিনিধি হিচাপে তেওঁ নিজ সমষ্টিৰ যুৱক-যুৱতীয়ে যাতে নিযুক্তি লাভ কৰে, তাৰ বাবে প্ৰশিক্ষণ শিবিৰ আয়োজন কৰাটো কোনো ভুল নহয় বুলি দাবী কৰে বিধায়ক বৰাই ৷ বিজেপিৰ বিধায়ক বিমল বৰাৰ লগতে AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে SI নিযুক্তি কেলেংকাৰীত নাম ল'লে অগপৰ যুৱ নেতা তপন দাসৰ ৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিশ্বস্ত হিচাপে জনাজাত তপন দাস এতিয়া আমেৰিকাত ৷ সততে মন্ত্ৰী কেশৱ মহন্তৰ কাষত দেখা যায় তপন দাসক ৷
ইপিনে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ APSC কেলেংকাৰী আধাতে সামৰাৰ দৰে চৰকাৰে SI নিযুক্তি কেলেংকাৰীতো অনুৰূপ কাৰ্যই কৰিব বুলি সন্দেহ প্ৰকাশ কৰে জাকিৰ হুছেইন শিকদাৰে ৷
উল্লেখযোগ্য যে SIৰ ৫৯৭টা পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে কেৰালা ইলেক্ট্ৰ’নিকছ (কেলটন) নামৰ এটা প্ৰতিষ্ঠানক ঠিকা দিয়া হৈছিল ৷ এই কেলটনৰ পৰা পৰীক্ষা পতাৰ উপ ঠিকা লৈছিল প্ৰাঞ্জল বৰুৱা, কৌশিক সৰকাৰ আৰু দিবন ডেকাৰ মালিকনাধীন মেচাৰ্ছ এমেইন টেক কনচালটেণ্ট প্ৰাইভেট লিমিটেডে ৷ লগতে উপ ঠিকা লৈছিল ৰুবুল হাজৰিকা নামৰ লোকজনৰ মেচাৰ্ছ অক্ষয় টেলিকমিউনিকেশ্যন নামৰ কলচেণ্টাৰটোৱে ৷ কিন্তু এই পৰ্যন্ত SI নিযুক্তি কেলেংকাৰীত জড়িত কোনো এজন হাই প্ৰফাইল লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷