আৰক্ষী SI পৰীক্ষা কেলেংকাৰী! গণেশগুৰিৰ ল’জত ৫০ জন প্ৰাৰ্থী গোপনে বহিছিল পৰীক্ষাত, বিজেপি কৰ্মীক জেৰা CIDৰ

Source-Google
আনহাতে আজিৰ দিনটোতে প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত থকাৰ সন্দেহত কামৰূপৰ বামুন্দীৰ পৰা আৰক্ষীয়ে আটক কৰিছে তিনিজন যুৱকক।
- News18 Assam
- Last Updated: September 23, 2020, 5:11 PM IST
অভিযানত আৰক্ষীয়ে আটক কৰিছে ল’জখনৰ চাৰিগৰাকী স্বত্বাধিকাৰী ক্ৰমে, অলকেশ বৈশ্য, প্ৰাঞ্জল শৰ্মা, বিমল থাপা আৰু প্ৰণব বৰাক। সেইদৰে শুৱালকুছিৰ পৰাও কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজনক ৷ ইতিমধ্যে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা জলসিঞ্চনৰ কৰ্মচাৰী যুগনী ব্ৰহ্মৰ ক’ল ৰেকৰ্ডৰ ভিত্তিত গ্ৰেপ্তাৰ শুৱালকুছিৰ কুশল দাস ৷
CIDয়েও বৰ্তমান SI পৰীক্ষা কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ হীৰকজ্যোতি বৰুৱা নামৰ এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে CIDয়ে। নগাওঁ খেৰনিৰ পৰা গ্ৰেপ্তাৰ কাৰ্বি আংলঙৰ হীৰকক ৷ হীৰকৰ ম'বাইলৰ পৰা প্ৰশ্ন কাকত লাভ কৰিছিল এজন লোকে ৷ হীৰকৰ হাতত প্ৰশ্ন কাকত ক'ৰ পৰা আহিল সেই সন্দৰ্ভত বৰ্তমান সোধা-পোছা কৰি আছে CIDয়ে। আনহাতে দিৱন ডেকা নামৰ এজন বিজেপি কৰ্মীকো CIDয়ে জেৰা কৰিছে।