খাকী পোছাকত মমতাময়ীৰ ৰূপত দুই মহিলা আৰক্ষী জোৱান

মঙলদৈৰ ডনবস্ক’ স্কুল পৰীক্ষা কেন্দ্ৰৰ বাহিৰত দেখা গ’ল সেই ভাললগা দৃশ্য। যি দৃশ্যই আকৰ্ষিত কৰিলে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত থকা লোকসকলৰ লগতে আন বহুতকে।

Sanjay Kumar Das | News18-Assam
Updated:November 10, 2019, 4:40 PM IST
খাকী পোছাকত মমতাময়ীৰ ৰূপত দুই মহিলা আৰক্ষী জোৱান
মঙলদৈৰ ডনবস্ক’ স্কুল পৰীক্ষা কেন্দ্ৰৰ বাহিৰত দেখা গ’ল সেই ভাললগা দৃশ্য। যি দৃশ্যই আকৰ্ষিত কৰিলে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত থকা লোকসকলৰ লগতে আন বহুতকে।
Sanjay Kumar Das | News18-Assam
Updated: November 10, 2019, 4:40 PM IST
কেতিয়াবা কিছুমান ঘটনা বা দৃশ্যই মনত সাঁচ বহুৱাই যায়। যি ঘটনা বা দৃশ্যই এক মুহূৰ্তৰ বাবে হ’লেও চুই যায় প্ৰতিজন লোকৰে হৃদয়। তেনে এক দৃশ্যই দেওবাৰে দেখা গ’ল মঙলদৈত।

মঙলবাৰে শিক্ষা বিভাগে পাতিছিল শিক্ষকৰ যোগ্যতা নিৰ্ণয়কাৰী টেট পৰীক্ষা। ৰাজ্যৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হৈছিল টেট পৰীক্ষা। কিন্তু মঙলদৈৰ ডনবস্ক’ স্কুল পৰীক্ষা কেন্দ্ৰৰ বাহিৰত দেখা গ’ল সেই ভাললগা দৃশ্য। যি দৃশ্যই আকৰ্ষিত কৰিলে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত থকা লোকসকলৰ লগতে আন বহুতকে।

দুগৰাকী মহিলা আৰক্ষী জোৱান। পৰীক্ষা কেন্দ্ৰৰ নিৰাপত্তাৰ দায়িত্বত থকা মহিলা আৰক্ষী জোৱান দুগৰাকীৰ কোলাত দুটি কণমানি। দুয়ো আপোনমনে নিচুকাইছে শিশুদুটিক। মহিলা আৰক্ষীৰ নিচুকণিত খিলখিলাই হাঁহিছে নিস্পাপ শিশুদুটিয়ে। কিন্তু হাতত বন্দুকৰ সলনি কিয় কেঁচুৱা তুলি লৈছে মহিলা আৰক্ষী জোৱান দুগৰাকীয়ে? নিশ্চয় প্ৰশ্নৰ উদয় হৈছে আপোনাৰ মনত!

কণমানি শিশু দুটিৰ মাতৃয়ে টেট পৰীক্ষাত বহিছে। পৰীক্ষা হলত সোমোৱাৰ আগতে এইদৰেই মহিলা আৰক্ষী জোৱানক গতাই থৈ গ’ল কণমানি সন্তানক। মাতৃৰ পৰীক্ষা শেষ নোহোৱালৈ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত মাতৃসুলভ মৰমেৰে শিশু দুটিক নিচুকাই থাকিল এই দুগৰাকী মহিলা আৰক্ষী জোৱানে।

মহিলা আৰক্ষী জোৱান দুগৰাকীৰ নাম বীণাপাণি ডেকা আৰু মৌচুমী চাংমাই। কৰ্তব্যৰ খাতিৰত সদায় হাতত বন্দুক লৈ ফুৰিবলগীয়া হয় যদিও তেওঁলোক একোগৰাকী নাৰী। খাকী পোছাকত থাকিলেও বীণাপাণি আৰু মৌচুমীক দেখা গ’ল মমতাময়ীৰ ৰূপত। মাতৃৰ অনুপস্থিতিত কেইটামান ঘণ্টাৰ বাবে শিশু দুটিক মাতৃসুলভ মৰমেৰে আৱৰাই ৰাখিলে দুয়োগৰাকী জোৱানে। এয়াই মমতা! এয়াই মমতাময়ী!!
আৰু চাওক পৰৱৰ্তী বাতৰি