আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাক নিলম্বন কৰা হৈছে। ৰাজ্যপাল জগদীশ মুখীয়ে এক আদেশযোগে DIGP ৰৌণক আলী হাজৰিকাক নিলম্বন কৰে। অসম আৰক্ষীৰ বিবৃতি মতে, ২০১১ চনৰ পৰা গৃহ বিভাগৰ অনুমতি অবিহনে কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছিল আই পি এছ বিষয়াগৰাকীয়ে। এগৰাকী আৰক্ষী বিষয়া ৰূপে বিদেশ ভ্ৰমণৰ বাবে অনুমতিৰ প্ৰয়োজন যদিও হাজৰিকাই এয়া অমান্য কৰিছিল।
উল্লেখ্য হাজৰিকা অসম চৰকাৰৰ পশ্চিম সংমণ্ডলৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক পদত অধিষ্ঠিত আছিল। এতিয়াৰ পৰা ৰৌণক আলী হাজৰিকাৰ মুখ্য কাৰ্যালয়টো আৰক্ষী সঞ্চালক প্ৰধানৰ অধীনত থাকিব আৰু নিলম্বিত আই পি এছ বিষয়াগৰাকীয়ে বিনা অনুমতিত কাৰ্যালয় এৰিব নোৱাৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|