মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ জেহাদ! মাত্ৰ এদিনতে গ্ৰেপ্তাৰ ৩৮জন ড্ৰাগছ সৰবৰাহকাৰী

News18 Assam | News18-Assam
Updated:May 29, 2021, 9:17 AM IST
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ জেহাদ! মাত্ৰ এদিনতে গ্ৰেপ্তাৰ ৩৮জন ড্ৰাগছ সৰবৰাহকাৰী
ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলাইছে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান। প্ৰতিদিনাই উদ্ধাৰ হৈছে বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য।

ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলাইছে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান। প্ৰতিদিনাই উদ্ধাৰ হৈছে বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য।

  • Share this:
ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলাইছে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান। প্ৰতিদিনাই উদ্ধাৰ হৈছে বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য।  জব্দ হৈ আছে হেৰইনকে ধৰি বিভিন্ন নিচাযুক্ত টেবলেট। মুখ্যমন্ত্ৰীৰ নিদেৰ্শৰ পাছত ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে কেৱল বৃহস্পতিবাৰৰ দিনটোতে গ্ৰেপ্তাৰ কৰিছে ৩৮জন ড্ৰাগছ সৰবৰাহকাৰীক।

ড্ৰাগছৰ ভয়ংকৰ ঘাটিলৈ পৰিণত হোৱা নগাওঁ জিলাত আৰক্ষীয়ে প্ৰতিদিনে চলাইছে তীব্ৰতৰ অভিযান। শনিবাৰে পুনৰ হেৰাপট্টিত নগাঁও আৰক্ষীয়ে অভিযান চলাই পিষ্টল আৰু ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ মাফিয়া মনছুৰ আলীক। জানিব পৰা মতে, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু মানস শইকীয়াৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডে হেৰাপট্টিৰ এটা ঘৰত মনছুৰ আলীক বিচাৰি অভিযান চলাইছিল।

আৰক্ষীৰ দলক দেখা পাই মনছুৰ আলীয়ে নিজৰ নাইন এম এম পিষ্টলৰে গুলীয়াবলৈ চেষ্টা কৰে। লগে লগে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত মনছুৰ ভৰিত আঘাতপ্ৰাপ্ত হৈ ঢলি পৰে। ইয়াৰ পিছতে আৰক্ষীয়ে মনছুৰৰ পৰা হেৰইন আৰু নাইন এম এম পিষ্টলৰ লগতে ৬জাই সজীৱ গুলী উদ্ধাৰ কৰে। ইতিমধ্যে মনছুৰক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উল্লেখযোগ্য যে, মনছুৰ আলীৰ বিৰুদ্ধে ২০টাৰো অধিক হত্যাৰ অভিযোগ আছে।

আনহাতে শিৱসাগৰ জিলাতো ড্ৰাগছৰ বিৰুদ্ধে পুৱাই অভিযান চলায়। জিলাখনৰ সদৰ,নাজিৰা,বহুবৰ, হালোটিং আদি বিভিন্ন ঠাইত ড্ৰাগছৰ অবাধ বেহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। ইয়াৰ মাজতে শুকুৰবাৰে হালোৱাটিং আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ বিপৰীতে শনিবাৰে ঐক্য সেনা অসমৰ গোপন খবৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ৰাইজৰ সহযোগত দুটা ড্ৰাগছ সৰবৰাহীক আটক কৰিবলৈ সক্ষম হয়।নগৰৰ বিজি ৰোডত আজি পুৱা ৭.১৫ বজাত এএছ ০৪ আৰ ৬২৫৪ নম্বৰৰ এখন বুলেটত অহা দুটা ড্ৰাগছ সৰবৰাহী ক্ৰমে কোঁৱৰপুৰৰ চুমলুং লাহন আৰু বিজি ৰোডৰ বুলবুল আলী ওৰফে ভাটাআমক আটক কৰিবলৈ সক্ষম হয়।
Published by: Himangshu Bhuyan
First published: May 29, 2021, 9:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি