ডিগবৈৰ টিংৰাইত গ্ৰেনেড বিষ্ফোৰণত ব্যৱহৃত বাইকখন চিনাক্ত কৰবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষী। CCTVৰ ভিজুৱেল চাই আৰক্ষীয়ে চিনাক্ত কৰিছে বাইকখন।
ক’লা ৰঙৰ পালছাৰ বাইকত আহিছিল বিস্ফোৰণকাৰী। বাইকখনৰ লগতে দুই যুৱকৰ সন্ধান দিওতালৈ তিনিচুকীয়া আৰক্ষীয় ঘোষণা কৰিছে ২ লাখ টকাৰ পুৰস্কাৰ।
সন্ধান দিওতাই তিনিচুকীয়া আৰক্ষীক যোগাযোগ কৰিব পাৰিব 86380-18965 নম্বৰত ।
সন্ধান দিওতাৰ পৰিচয় গোপনে ৰাখিব আৰক্ষীয়ে৷
বাইকসহ দুই দুৰ্বৃত্তক বিচাৰি তিনিচুকীয়া আৰক্ষীৰ অভিযান অব্যাহত আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|