মুখ্যপৃষ্ঠা »খবৰ »অসম »অসম আৰক্ষীৰ অশ্বাৰোহী দলৰ সাফল্য ! সম্বৰ্ধনা জনালে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ...

অসম আৰক্ষীৰ অশ্বাৰোহী দলৰ সাফল্য ! সম্বৰ্ধনা জনালে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ...

অসম আৰক্ষীৰ অশ্বাৰোহী দলে তৃতীয় অশ্বাৰোহন প্ৰতিযোগিতাত বিশেষ সাফল্য লাভ কৰা দলটোক সম্বৰ্ধনা আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙিৰ ৷ তৃতীয় ৰাজ্যিক প্ৰতিযোগিতাত ৭ টাকৈ পদক লাভ কৰা দলটোক সম্বৰ্ধনা আৰক্ষী সঞ্চালক প্ৰধানৰ ৷

  • Share this:
অসম আৰক্ষীৰ অশ্বাৰোহী দলে তৃতীয় অশ্বাৰোহন প্ৰতিযোগিতাত বিশেষ সাফল্য লাভ কৰা দলটোক সম্বৰ্ধনা আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙিৰ ৷ চতুৰ্থ অসম আৰক্ষী বাহিনী মূখ্যালয়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিজন আৰক্ষীৰ লোকক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিযোগিতাত অংশ লোৱা  ঘোৰাঁক জয়ৰ মালা পিন্ধায় ৷

গোলাঘাট জিলাৰ নুমলীগড়ত অনুষ্ঠিত ৩য় ৰাজ্যিক অশ্বাৰোহন প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰা অসম আৰক্ষীৰ দলক সম্বৰ্ধনা ডিজিপিৰ ৷ চুতুৰ্থ অসম আৰক্ষী বেটেলিয়ানত সকলো প্ৰতিযোগী তথা প্ৰতিযোগিতাত অংশ লোৱা ঘোৰাঁ সমূহক জয় মালা পিন্ধাই ডিজিপিয়ে ৷ অশ্বাৰোহী দলটোৰ ৬ গৰাকী সদস্যই ৭ টা পদক লাভ কৰাৰ লগতে দুগৰাকী সদস্যই চতুৰ্থ স্থান লাভ কৰে ৷ বিভিন্ন শাখাত অসম আৰক্ষীৰ অজয় কুমাৰ উপাধ্যায়, ৰিতুপৰ্ণ চেতিয়া, গিলচন মুচাহাৰীয়ে এটাকৈ আৰু মুজিবুৰ ৰহমানে দুটা ব্ৰঞ্জৰ পদক লাভ কৰে ৷ দলটোৰ সন্তোস হাজোৱাৰী আৰু ৰচিদুল আলমে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয় ৷ ভাষন প্ৰসংগত ডিজিপি গৰাকীয়ে অসম আৰক্ষীৰ অশ্বাৰোহী দলটোক আৰু শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ অনুষ্ঠানৰ অন্তত ডিজিপি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত অকল অশ্বাৰোহী দলৰ কথায় নহয় নতুনকৈ গঠন কৰা বেণ্ডৰ কথাও উল্লেখ কৰে ৷ সমান্তৰালকৈ বিগত SP বৈঠকত সিদ্ধান্ত লোৱা হৈছে অশ্বাৰোহী দলক আইন শৃংখলা পৰিস্থিতি ৰোধৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব।

অসম আৰক্ষীৰ অশ্বাৰোহী দলটোক প্ৰশিক্ষনৰ বাবে অসম আৰক্ষীয়ে নিয়োগ কৰিছে অৱসৰপ্ৰাপ্ত BSF বিষয়াক ৷ যিগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ২০০ৰো অধিক পদক লাভ কৰিছিল ৷

শেহতীয়া বাতৰি