এখন বিশেষ পত্ৰই এতিয়া হাহাকাৰ লগাইছে ৰাজ্যৰ গৃহ বিভাগত। ৰাজ্যত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ আশংকা। জনসমাগম হোৱা অঞ্চল, বাছ আস্থান, ৰে'লৱে ষ্টেচনকে ধৰি বহু অঞ্চলত কূটাঘাটৰ আশংকা কৰা হৈছে। ইতিমধ্যে সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ আৰক্ষী সঞ্চালক প্ৰধানে জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে। জাৰি কৰা হৈছে হাই এলাৰ্ট।
![]()
ISI আৰু অল কায়দাই কূটাঘাত সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। অসম আৰক্ষীৰ হাতত পৰিছে ইছলামিক সংগঠনৰ নেতৃত্বই লিখা এখন পত্ৰ। পত্ৰত স্পষ্ট ভাষাত সকলো কেডাৰক উদ্দেশ্য কৰি লিখিছে যে, 'এতিয়া বহি থকাৰ সময় নহয় ৷' ইয়াৰ পাছতে হাহাকাৰ লাগিছে ৰাজ্যৰ গৃহ বিভাগত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|