ল’কডাউনৰ কাৰণে বিভিন্ন ঠাইত আৱদ্ধ ৰাইজ। বিভিন্ন অসুবিধাত বিভিন্নজন ৷ ইয়াৰ মাজতে নামনি অসমৰ একাংশ সীমামূৰীয়া বাসিন্দাই পোৱা নাই জৰুৰী ঔষধ ৷ সেই ঔষধ কিন্তু উপলব্ধ সমীপৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰত। কিন্তু কোচবিহাৰৰ পৰা ঔষধ অনায় কেনেকৈ?
অসম - পশ্চিমবংগ সীমান্তত এতিয়া কটকটীয়া নিৰাপত্তা। কোৰোণাৰ সংক্ৰমণ যাতে নিবিয়পে তাৰ কাৰণে অসমৰ পৰা পশ্চিম বংগত প্ৰৱেশ কৰিলেই পশ্চিম বংগত চৈধ্য দিনৰ কোৱাৰাইন্টাইন ল’ব লাগিব লোকে। ধুবুৰী যিহেতু অৰেঞ্জ জ’ন গতিকে সেই জিলাৰ পৰা লোকক প্ৰবেশ কৰিব নিদিয়ে চুবুৰীয়া ৰাজ্য পশ্চিম বংগত ৷ ইয়াৰ মাজতে ছচিয়েল মিডিয়াৰ জৰিয়তে চুবুৰীয়া ৰাজ্যৰ পৰা লোৱা হৈছে ঔষধ ক্ৰয়ৰ সুবিধা।
অসম বংগ সীমান্তত নিৰাপত্তাত নিয়োজিত অসম আৰক্ষীয়ে লৈছে জৰুৰী সেৱাৰ এই বিশেষ পদক্ষেপ। ধুবুৰীৰ ছাগলীয়া আৰক্ষীয়ে হোৱাটছআপৰ জৰিয়তে সহায় কৰিছে বহুতকে ৷ দৰকাৰী ঔষধ কোচবিহাৰৰ পৰা সম্ভৱ কৰাইছে সীমান্তত ৷ বিপদত পৰা লোকৰ প্ৰেছক্ৰিপশ্যন কোচবিহাৰৰ বিশেষ বিশেষ ব্যক্তিক পঠিয়াই ঔষধ যোগান দিয়াইছে বিপদত পৰা লোকক ৷ সীমান্তৰ আৰক্ষী চকীত অসমৰ লোকক কিছু সময় বহুৱাই ৰাখি পশ্চিমবংগৰ নিৰ্দিষ্ট ব্যক্তিয়ে আনি দিয়া দৰৱ দিয়াইছে আৰক্ষীয়ে।
ধুবুৰীৰ ছাগলচৰাৰ বন বিভাগৰ কৰ্মচাৰী ছামছুল হকে সোমবাৰে পুৱাই পৰিয়ালৰ দুজনকৈ মানসিক ৰোগীৰ দৰকাৰী ঔষধ বিচাৰি যাত্ৰা কৰে কোচবিহাৰলৈ ৷ কিন্তু ছাগলীয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বি বসুমতাৰীয়ে সীমান্তত ৰখায় ছামছুল হকক ৷ ছামছুলৰ হাতৰ পৰা চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন কোচবিহাৰৰ বিশেষ ব্যক্তিৰ হোৱাটছআপত প্ৰেৰন কৰে আৰক্ষীয়ে ৷ সেই নিৰ্দিষ্ট ব্যক্তিজনে কম সময়ৰ ভিতৰতে সীমান্তত ঔষধৰ বাবে অপেক্ষা কৰি থকা ছামছুল হকক পৰিয়ালৰ দুজনকৈ মানসিক ৰোগীৰ বাবে যোগান ধৰে দুমাহৰ ঔষধ ৷
অসম আৰক্ষীৰ এনে মানৱদৰদী ভূমিকাক ধন্যবাদ জনাইছে ছামছুল হকে। পৰিস্থিতিৰ কাৰণে সীমান্তত অসম আৰক্ষীৰ সৈতে এই মহানুভৱতাৰ সহযোগী হৈছে পশ্চিম বংগ আৰক্ষীও।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|