অসম আৰক্ষীয়ে সুৰক্ষা সম্বন্ধিতে জাৰি কৰিছে এক নতুন নিয়ম। গাড়ীৰ ভিতৰত লগাব নোৱাৰিব কোনো ধৰণৰ ক’লা নেট, ষ্টিকাৰ আদি। অসম আৰক্ষীয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টযোগে এটা পোষ্ট কৰি এই বিষয়ে সবিশেষ জনায়। উক্ত পোষ্টটোত উল্লেখ কৰে যে, কিছুমান লোকে বাহনৰ খিড়িকীত ব্লেক টিণ্টিঙৰ সলনি ব্লেক নেটৰ ব্যৱহাৰ কৰে। ব্লেক গ্লাছ অথবা ব্লেক নেটৰ ব্যৱহাৰ কৰিলে গাড়ীৰ অধিকাৰীয়ে জৰিমনা দিব লাগিব বুলিও আৰক্ষীয়ে সকলোকে সকিয়নী প্ৰদান কৰে।
উল্লেখনায় যে, অস্বচ্ছ ব্লেক নেট চানস্ত্ৰীণৰ পৰিপূৰক নহয় সেয়েহে ইয়াৰ ব্যৱহাৰ পৰিহাৰ কৰাৰ বাবে ৰাইজক আহ্বান জনায় আৰক্ষীয়ে। আচলতে, বন্ধ গাড়ীৰ ভিতৰত বিভিন্ন ধৰণৰ ঘটনা পৰিলক্ষিত হোৱা দেখা গৈছে। এনে ধৰণৰ কোনো ঘটনা যাতে পুনৰ সংঘটিত নহয় সেই বিষয়ত দৃষ্টি ৰাখি ব্লেক নেটৰ ব্যৱহাৰ নকৰিবলৈ আৰক্ষীয়ে নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বেও গাড়ীত ব্লেক গ্লাছ লগাবলৈ বাধা দিয়া হৈছিল। বিশেষকৈ নাৰীৰ লগত সংঘটিত যিকোনো অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ আৰক্ষীয়ে এনে সুৰক্ষামূলক পদক্ষেপ লৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : September 14, 2022, 09:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।