• Home
  • »
  • News
  • »
  • assam
  • »
  • শ্বাৰ্জিল ইমামৰ অসম ভ্ৰমণৰ সংগী জনৈক ‘দাস’ৰ সন্ধান অ‍ব্যাহত, বুদ্ধিজীৱি–ৰাজনীতিক–JNUৰ প্ৰাক্তন ছাত্ৰই লগ কৰিছিল শ্বাৰ্জিলক

শ্বাৰ্জিল ইমামৰ অসম ভ্ৰমণৰ সংগী জনৈক ‘দাস’ৰ সন্ধান অ‍ব্যাহত, বুদ্ধিজীৱি–ৰাজনীতিক–JNUৰ প্ৰাক্তন ছাত্ৰই লগ কৰিছিল শ্বাৰ্জিলক

ফাইল ফটো

ফাইল ফটো

কোন সংগঠনে ধন দিছিল শ্বাৰ্জিল ইমামক সভা পাতিবলৈ?

  • Share this:
শ্বাৰ্জিল ইমামক চাৰিদিনৰ জিম্মাত লৈ ধাৰাবাহিক ভাৱে সোধাপোচা কৰি আছে মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই ৷ ক্ৰাইমব্ৰাঞ্চত শ্বাৰ্জিলক দিনে নিশাই জেৰা কৰি সোধা হৈছে কোন কোন আছে অসমত শ্বাৰ্জিলৰ সহযোগী? জেৰাত শ্বাৰ্জিলে স্বীকাৰ কৰিছে যে অসমত আছে তেওঁৰ কেইবাজনো সহযোগী ৷ বিশেষকৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ একাংশ অসমৰ ছাত্ৰৰ লগত সঘন যোগাযোগ আছে শ্বাৰ্জিলৰ ৷ ২০১৬ চনত অসমত দাস উপাধিৰ এজনৰ সৈতে অসমলৈ আহিছিল শ্বাৰ্জিল ৷

অসমত থকা সময়চোৱাত যোৰহাট, গোৱালপাৰা ,গোলোকগঞ্জলৈ গৈছিল শ্বাৰ্জিল ইমাম ৷ বৈঠকত মিলিত হৈছিল কেইবাজনো বুদ্ধিজীৱী, ৰাজনৈতিক তথা সত্ৰাধিকাৰৰ সৈতে৷ ক্ৰাইম ব্ৰাঞ্চত ধাৰাবাহিক জেৰাত শ্বাৰ্জিলে স্বীকাৰ কৰিছে শ্বাহিনবাগত ভাষন প্ৰসংগত উত্তৰ–পূৱক মূল ভূ–খণ্ডৰ লগত সংযোগ কৰা চিকেন নেক কৰ্তন কৰাৰ কথা তেওঁ কৈছিল৷ আনহাতে ক্ৰাইমব্ৰাঞ্চে পৰীক্ষা কৰিছে শ্বাৰ্জিল ইমামৰ বেংক একাউন্টৰ তথ্যৰ লগতে ফোনৰ CDR ৷

কাইলৈ মহানগৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰিব শ্বাৰ্জিল ইমামৰ। মহানগৰ আৰক্ষীয়ে পুনৰ আদালতৰ পৰা বিচাৰিব শ্বাৰ্জিল ইমামৰ জিম্মা যাতে অসমত শ্বাৰ্জিলৰ সকলো লিংক উলিয়াব পাৰে ৷

শনিবাৰেও পুৱাৰে পৰা মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্তৰ নেতৃত্বত চলিলে জেৰা ৷ জেৰা কালত যুটীয়া আয়ুক্তৰ আগত শ্বাৰ্জিলে দিয়ে বহু তথ্য ৷

যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে সংবাদমাধ্যমৰ মন্তব্য কৰি কয়,

"আমি মূলতঃ শ্বাৰ্জিলে যি দেশদ্ৰোহী মন্তব্য কৰিছিল সেইটো তদন্ত কৰি আছো ৷ জেৰাত যি যি তথ্য পোৱা যাব তাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ বেংক একাউন্ট, ফোনৰ নম্বৰ তালিকা পৰীক্ষা কৰি থকা হৈছে ৷ অসমলৈ আগতে অহা কথা স্বীকাৰ কৰিছে শ্বাৰ্জিলে ৷ বিশেষকৈ JNU ৰ সহপাঠীৰ লগত অহাৰ কথা উল্লেখ কৰিছে শ্বাৰ্জিলে।"

আনহাতে  জেৰাত স্বীকাৰ কৰিছে দেশৰ মুছলমানক একগোট কৰাৰ বাবে চেষ্টা কৰি আছে শ্বাৰ্জিল ইমামে ৷ যাৰ বাবে ‘কা’ আৰু এনআৰচি বিৰোধী আন্দোলনত অংশ লৈ বিতৰ্কিত মন্তব্য কৰিছিল শ্বাৰ্জিল ইমামে ৷
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি