নিষিদ্ধ গাঞ্জাৰ গৰাকী বিচাৰিছে অসম আৰক্ষীয়ে, ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা

অসম আৰক্ষীৰ এই টুইটৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

News18-Assam
Updated:June 5, 2019, 9:31 AM IST
নিষিদ্ধ গাঞ্জাৰ গৰাকী বিচাৰিছে অসম আৰক্ষীয়ে, ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা
অসম আৰক্ষীৰ এই টুইটৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
News18-Assam
Updated: June 5, 2019, 9:31 AM IST
সাধাৰণতে কাৰোবাৰ কোনো বস্তু বা সামগ্ৰী হেৰালে আৰক্ষীক অভিযোগ দিয়া হয় আৰু সেই অভিযোগৰ ভিত্তিত অনুসন্ধান চলায় আৰক্ষীয়ে। কিন্তু শেহতীয়াকৈ অসম আৰক্ষীৰ এক টুইটে ব্যাপক চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত। নিষিদ্ধ গাঞ্জাৰ গৰাকী বিচাৰি অসম আৰক্ষীয়ে কৰিছে এই টুইট। টুইটাৰত অসম আৰক্ষীয়ে গাঞ্জাৰ ফটোৰ সৈতে লিখিছে – ‘কোনো লোকে ছাগলীয়া তালাচী চকীত ৫৯০ কিলোগ্ৰাম গাঞ্জাসহ এখন ট্ৰাক হেৰুৱাইছে নেকি? চিন্তা নকৰিব, আমি পাইছো। অনুগ্ৰহ কৰি ধুবুৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰক, তেওঁলোকে নিশ্চয় সহায় কৰিব।’ অসম আৰক্ষীৰ এই টুইটৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।

 

আৰু চাওক পৰৱৰ্তী বাতৰি