অসম আৰক্ষীয়ে এবছৰ পিছত স্বীকৃতি দিলে চীনৰ বিশ্ব আৰক্ষী গেমছত সফল হোৱা অসমৰ দুই খেলুৱৈক

News18 Assam | News18-Assam
Updated:October 15, 2020, 3:37 PM IST
অসম আৰক্ষীয়ে এবছৰ পিছত স্বীকৃতি দিলে চীনৰ বিশ্ব আৰক্ষী গেমছত সফল হোৱা অসমৰ দুই খেলুৱৈক
বিশ্ব পৰ্যায়ৰ উক্ত গেমছত ভাৰতীয় দলে মুঠ ২৮৬টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

বিশ্ব পৰ্যায়ৰ উক্ত গেমছত ভাৰতীয় দলে মুঠ ২৮৬টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

  • Share this:
পলমকৈ হ’লেও এবছৰ পিছত নিজ বিভাগ অসম আৰক্ষীৰ পৰা স্বীকৃতি পালে ৰাজ্যখনৰ দুই সফল খেলুৱৈ ক্ৰমে এথলেটিকছৰ টুনলাই নাৰ্জাৰী আৰু আৰ্চাৰীৰ পল্লৱী দাসে। উল্লেখযোগ্য যে ২০১৯ চনত চীনৰ ছেংডু চহৰত অনুস্থিত হোৱা বিশ্ব আৰক্ষী ফায়াৰ গেমছত স্বৰ্ণপদক অৰ্জন কৰিছিল অসম আৰক্ষীৰ টুনলাই নাৰ্জাৰী খৰু পল্লবী দাসে।

বিশ্ব পৰ্যায়ৰ উক্ত গেমছত ভাৰতীয় দলে মুঠ ২৮৬টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ২৮৬ পদকৰ ভিতৰত ১৩৯টা স্বৰ্ণ, ৮১টা ৰূপ আৰু ৬৬টা ব্ৰঞ্জৰ পদক আছিল। চীনত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰি স্বৰ্ণপদক অৰ্জনেৰে অসম আৰক্ষী তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছিল টুনলাই নাৰ্জাৰী আৰু পল্লৱী দাসে।

কোভিডৰ বাবে পলমকৈ হ'লেও বুধবাৰে দুয়োগৰাকী আন্তঃৰাষ্ট্ৰীয় সফল খেলুৱৈক অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই সম্বৰ্ধনা জনায়। গৃহ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দুয়োগৰাকী খেলুৱৈকে অভিনন্দন জনায়।
Published by: Sanjay Kumar Das
First published: October 15, 2020, 3:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading