Encounter in Karimganj: ২২ জানুৱাৰীত ছৰিফুলে পাথাৰকান্দিৰ লক্ষীপুৰত হবিবুল বাহাৰ খন্দকাৰ নামৰ এজন যুৱকক গুলীয়াই হত্যাৰ চেষ্টা কৰিছিল।
নগাঁও এনকাউণ্টাৰ (Nagaon Encounter)ৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পিছতো থমকি ৰোৱা নআই অসম আৰক্ষী (Assam Police)ৰ বন্দুক। কৰিমগঞ্জত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এনকাউণ্টাৰত (Encounter in Karimganj) গুলীবিদ্ধ ছৰিফুল হক নামৰ এটা দুৰ্বৃত্ত।
যোৱা ২২ জানুৱাৰীত ছৰিফুলে পাথাৰকান্দিৰ লক্ষীপুৰত হবিবুল বাহাৰ খন্দকাৰ নামৰ এজন যুৱকক গুলীয়াই হত্যাৰ চেষ্টা কৰিছিল। শুকুৰবাৰে নিশা এই ঘটনাৰ লগত জড়িত ছৰিফুলক আৰক্ষীয়ে আটক কৰে | পৰৱৰ্তি সময়ত আৰক্ষীয়ে বন্দুক উদ্ধাৰৰ সময়তে ছৰিফুলে আৰক্ষীক লক্ষ্য কৰি গুলী চালনা কৰি পলাবলৈ চেষ্টা কৰিছিল। সেই সময়তে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে ছৰিফুলৰ ভৰিলৈ গুলীচালনা কৰে।
বৰ্তমান আহত ছৰিফুল কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। আৰক্ষীয়ে ছৰিফুলৰ পৰা হবিবুলক আক্ৰমণ কৰা বন্দুকটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|