পেট্ৰ’লিঙৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ তথা জিলাসমূহৰ প্ৰত্যন্ত এলেকাতো যাতে সময়মতে টহল দিব পাৰে জোৱানসকলে,তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে।
পেট্ৰ’লিঙৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ তথা জিলাসমূহৰ প্ৰত্যন্ত এলেকাতো যাতে সময়মতে টহল দিব পাৰে জোৱানসকলে,তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে।
গুৱাহাটীৰ কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ ৪ৰ্থ বেটেলিয়নত অসমৰ ৩৫খন জিলাৰ আৰক্ষী জোৱানলৈ আজি আগবঢ়োৱা হৈছে ৩১৫খন দুচকীয়া বাহন।
৩১৫খন দুচকীয়া বাহন বিতৰণ অনুষ্ঠানত মুখ্য অতিথি তথা বিতৰক হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে মুন্না প্ৰসাদ গুপ্তাসহ কেইবাগৰাকী উচ্চপদস্থ বিষয়া।
আৰক্ষী থানাৰ জোৱানসকলে পেট্ৰ’লিঙৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ তথা জিলাসমূহৰ প্ৰত্যন্ত এলেকাতো যাতে সময়মতে টহল দিব পাৰে জোৱানসকলে,তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে।
HERO motocorpৰ CSR (কৰ্প’ৰেট ছ'চিয়েল ৰেচপনচিবিলিটী)ৰ অধীনত We Care শীৰ্ষক অনুষ্ঠানৰ দ্বাৰা অসম আৰক্ষীলৈ হিৰো-এ প্ৰদান কৰিছে এই ৩১৫খন বাইক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|