বঙাইগাঁও জিলা আৰক্ষীৰ সফলতা ৷ অসম আৰক্ষীৰ শ্ৰেষ্ঠ জিলা হিচাপে বঙাইগাঁৱক স্বীকৃতি দিয়া হৈছে ৷ ৰাজ্যৰ আৰক্ষী জিলাসমূহৰ কাম-কাজ পৰ্যবেক্ষণ কৰি অসম আৰক্ষীয়ে শীৰ্ষ স্থান প্ৰদান কৰে বঙাইগাঁও জিলাক ৷
শেহতীয়াভাৱে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত শীৰ্ষ বিষয়াবৰ্গৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকত অসম আৰক্ষীৰ জিলাসমূহৰ কাম–কাজৰ বিষয়ে পৰ্যালোচনা কৰা হয় ৷
বিশেষকৈ আৰক্ষী জিলাসমূহৰ পেণ্ডিং গোচৰ, চাৰ্জশ্বিট প্ৰদানৰ হাৰ, কাৰাদণ্ডৰ হাৰ, কেছ ডিচপোজেল আদি দিশত জিলাসমূহে আগবঢ়োৱা প্ৰদৰ্শন বিশ্লেষণ কৰা হয় ৷ জিলাসমূহে বিগত পহিলা জানুৱাৰীৰ পৰা ৩০ ছেপ্টেম্বৰলৈ আগবঢ়োৱা প্ৰদৰ্শনক মূল্যায়ণ কৰি শ্ৰেষ্ঠতা নিৰূপণ কৰা হয় ৷
সেইমতে বঙাইগাঁও জিলাই প্ৰথম স্থান দখল কৰাৰ বিপৰীতে ক্ৰমান্বয়ে গোৱালপাৰা, বৰপেটা, লখিমপুৰে শীৰ্ষ চাৰিটা স্থান দখল কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ইতিমধ্যে জিলাসমূহৰ এই সফলতাৰ বিষয়ে সামাজিক মাধ্যমৰ জৰিয়তে সদৰী কৰিছে ৷
অসম আৰক্ষীৰ এই ঘোষণাই জিলাসমূহৰ আৰক্ষী বিষয়া–জোৱানক অধিক উৎসাহিত কৰি তুলিছে৷ বঙাইগাঁও জিলাই লাভ কৰা সফলতাই জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে জিলাখনৰ বিষয়াবৰ্গ তথা জোৱানসকলেক আনন্দিত কৰি তুলিছে ৷
ইফালে, অসম আৰক্ষীৰ পশ্চিম সংমণ্ডলৰ অধীনস্থ বঙাইগাঁও জিলাই শেহতীয়াভাৱে লাভ কৰা স্বীকৃতিক লৈ সন্তোষ ব্যক্ত কৰে উপ আৰক্ষী মহাপৰিদৰ্শক দিলীপ দে'ই ৷ আনহাতে পশ্চিম সংমণ্ডলৰ অন্তৰ্গত ছয়খনকৈ জিলাৰ ভিতৰত তিনিখনকৈ জিলাই প্ৰথম চাৰিটা স্থান দখল কৰিব লৈ সক্ষম হোৱাত আনন্দিত হোৱা বুলি উপ আৰক্ষী মহাপৰিদৰ্শক দিলীপ দে'ই ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|