এই ৫ অভিযুক্তক বিচাৰি অসম আৰক্ষীয়ে ঘোষণা কৰিছে পুৰস্কাৰ, আপোনাৰ হাতত তথ্য আছে যদি জনাওক আৰক্ষীক

News18 Assam | News18-Assam
Updated:May 27, 2021, 9:53 AM IST
এই ৫ অভিযুক্তক বিচাৰি অসম আৰক্ষীয়ে ঘোষণা কৰিছে পুৰস্কাৰ, আপোনাৰ হাতত তথ্য আছে যদি জনাওক আৰক্ষীক
Photo : Twitter/@assampolice

যদি কাৰোবাৰ সৈতে এই অপৰাধজনিত ঘটনা বা অভিযুক্তৰ সন্দৰ্ভত কোনো তথ্য আছে তেন্তে যোগাযোগ কৰক। তেওঁলোকক সুন্দৰ পুৰস্কাৰ দিয়া হ’ব।

  • Share this:
এটা অপৰাধজনিত ভাইৰেল ভিডিঅ’ৰ তথ্য বিচাৰি পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে। টুইটাৰযোগে অসম আৰক্ষীয়ে ৫ অভিযুক্তৰ ফটো প্ৰকাশ কৰি তেওঁলোকৰ বিষয়ে তথ্য থাকিলে অসম আৰক্ষীক জনাবলৈ আহ্বান জনাইছে। ইয়াৰ বিনিময়ত অসম আৰক্ষীয়ে ঘোষণা কৰিছে আকৰ্ষণীয় পুৰস্কাৰ।

অসম আৰক্ষীৰ হেণ্ডেলৰ পৰা কৰা ফটোসম্বলিত টুইটটোত লিখিছে, ‘‘এই ফটোসমূহ ৫ কালপ্ৰিটৰ যিয়ে এগৰাকী যুৱতীক নিৰ্যাতন চলোৱা দেখা গৈছে এটা ভাইৰেল ভিডিঅ’ত। এই ঘটনাৰ স্থান আৰু সময় স্পষ্ট নহয়। যদি কাৰোবাৰ সৈতে এই অপৰাধজনিত ঘটনা বা অভিযুক্তৰ সন্দৰ্ভত কোনো তথ্য আছে তেন্তে যোগাযোগ কৰক। তেওঁলোকক সুন্দৰ পুৰস্কাৰ দিয়া হ’ব।’’



যদিও এই ঘটনা ক’ত সংঘটিত হৈছে সেয়া স্পষ্ট নহয় বা এয়া অসমৰ নহ’বও পাৰে, তথাপি আমি সক্ৰিয়তাৰে অপৰাধীৰ সন্ধান কৰা বুলিও উল্লেখ কৰে আৰক্ষীয়ে।

উল্লেখযোগ্য যে যোধপুৰত নাগালেণ্ডৰ এগৰাকী মহিলাই ভাড়াঘৰতে আত্মহত্যাৰ পথ বাচি লৈছিল। এখন ব্যক্তিগত ৰেষ্টুৰেণ্টত বিলিঙৰ কাম কৰিছিল মহিলাগৰাকীয়ে। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰিছে যদিও আত্মহত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। একে সময়তে এগৰাকী যুৱতীক অকথ্য নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হয় ছচিয়েল মিডিয়াত। যোধপুৰ আৰক্ষীয়ে ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅ’ৰ যুৱতীগৰাকী যোধপুৰত আত্মহত্যা কৰা নগা মহিলাগৰাকী নহয় বুলি স্পষ্ট কৰিছে।
Published by: Sanjay Kumar Das
First published: May 27, 2021, 9:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি