ডকাইত আৰক্ষী!মহিলাৰ পৰা ২০লাখ টকা লুটিলে আৰক্ষীয়ে, আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া
News18-Assam Updated:July 27, 2019, 1:31 PM IST

পুনৰ অসম আৰক্ষীৰ গৰিমাত কালিমা সানিলে ৩ আৰক্ষীয়ে ! মহানগৰত ডকাইতৰ ৰূপত আৰক্ষী বিষয়া।
পুনৰ অসম আৰক্ষীৰ গৰিমাত কালিমা সানিলে ৩ আৰক্ষীয়ে ! মহানগৰত ডকাইতৰ ৰূপত আৰক্ষী বিষয়া।
- News18 Assam
- Last Updated: July 27, 2019, 1:31 PM IST
সমগ্ৰ ডকাইতিৰ পৰিকল্পনা ৰচিছিল মিজু যুৱক প্ৰকাশ সোণাৰ আৰু দিছপুৰ থানাৰ গৃহৰক্ষী জোৱান বিপুল হাজৰিকাই ৷ সহায় কৰিছিল হাতীগাওঁ থানাৰ OC হিৰণ্য পাথৰি ওৰফে জন পাথাৰী আৰু SI প্ৰাঞ্জল বৰাই। এগৰাকী মিজো মহিলাক সমগ্ৰ ষড়যন্ত্ৰত লিপ্ত কৰাইছিল মহিলাগৰাকীৰ লগত অহা প্ৰকাশ সোণাৰে ৷ পৰিকল্পনা অনুসৰি ৫০ লাখৰ জালনোট ক্ৰয় কৰিবলৈ ২০লাখ টকা মহিলাগৰাকীয়ে অনা বুলি গৃহৰক্ষী জোৱান বিপুলক ভুল তথ্য দিছিল প্ৰকাশ সোনাৰে ৷ আৰু তাজ ভিভান্টাৰ সমীপত SI প্ৰাঞ্জল বৰাৰ নেতৃত্বত ধনখিনি ডকাইতি কৰি উধাও হৈছিল দলটো ৷ সমগ্ৰ ডকাইতি সন্দৰ্ভত সঘনাই ফোনত কথা পাতিছিল OC হিৰণ্য পাথৰিয়ে। তথ্যা অনুসৰি প্ৰকৃততে মিজো মহিলাগৰাকীয়ে সেই ধন খিনি আনিছিল জিমৰ সা সৰঞ্জাম ক্ৰয় কৰিবলৈ ৷
ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছতে এতিয়া মহিলাগৰাকীয়ে কাষ চাপে দিছপুৰ আৰক্ষীৰ ৷ দিছপুৰ আৰক্ষীয়ে ক্ৰাইম বাঞ্চৰ সহযোগত নিশাই গ্ৰেপ্তাৰ কৰিছিল ডকাইতৰূপী আটাইকেইজন আৰক্ষীক ৷ ডকাইতিত ব্যৱহাৰ কৰা হৈছিল AS06R- O332 নম্বৰৰ এখন ইনভা গাড়ী ৷ কিন্ত এতিয়াও পলাতক গাড়ীখনৰ চালকজন ৷ চালকৰ ঘৰৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে ডকাইতি কৰা ২০লাখ টকা ৷
সেইদৰে মহানগৰীৰ আৰক্ষীয়ে কৰা ডকাইতি কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ। সমগ্ৰ ডকাইতিৰ পৰিকল্পনা কৰিছিল প্ৰকাশ সোণৰ নামৰ এজন মিজো যুৱকে। এই কাৰ্যত সহায় কৰিছিল আৰক্ষী হিৰণ্য পাথৰি আৰু প্ৰাঞ্জল বৰাই।