অসমৰ আৰক্ষীৰ কমাণ্ডোক হত্যা। দেওবাৰে নিশা তিনিচুকীয়াৰ মাকুমত গিৰীশ দত্ত নামৰ কমাণ্ডোজনক ঘপিয়াই হত্যা কৰে দুৰ্বৃত্তই। ঘৰলৈ ওভতা পথতে নৃশংসভাৱে হত্যা কৰে কমাণ্ডোজনক। নিশা সাংস্কৃতিক কাৰ্যসূচীৰ পৰা ঘৰলৈ গৈ থাকোতে কমাণ্ডোজনক আদবাটতে আগচি ধৰি হত্যা কৰে।
ইফালে ঘটনাটোক কেন্দ্ৰ কৰি মাকুমত তীব্ৰ উত্তেজনাৰ সৃষ্টি। দোষীক গ্ৰেপ্তাৰৰ দাবীত স্থানীয় ৰাইজৰ প্ৰতিবাদ সাব্যস্ত। পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে।
Published by: Dulu Medhi
FIRST PUBLISHED : June 03, 2019, 12:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।