• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত সফলতাৰে উজ্বলিল শিৱসাগৰৰ দুই যমজ ভাতৃ

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত সফলতাৰে উজ্বলিল শিৱসাগৰৰ দুই যমজ ভাতৃ

শিৱসাগৰ বেজবৰুৱা চুকৰ এহাল যঁমজ ভাতৃদ্বয়ে লাভ কৰিলে কামাণ্ডোৰ চাকৰি।

শিৱসাগৰ বেজবৰুৱা চুকৰ এহাল যঁমজ ভাতৃদ্বয়ে লাভ কৰিলে কামাণ্ডোৰ চাকৰি।

শিৱসাগৰ বেজবৰুৱা চুকৰ এহাল যঁমজ ভাতৃদ্বয়ে লাভ কৰিলে কামাণ্ডোৰ চাকৰি।

  • Share this:
দেওবাৰে ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। এই পৰীক্ষাৰ ফলাফলে শিৱসাগৰৰ এখন ঘৰলৈ কঢ়িয়াই আনিলে আনন্দৰ জোৱাৰ। শিৱসাগৰ বেজবৰুৱা চুকৰ এহাল যঁমজ ভাতৃদ্বয়ে লাভ কৰিলে কামাণ্ডোৰ চাকৰি।

চমিৰন মহন আৰু সমীৰণ মহন নামৰ দুই যমজ ভাতৃয়ে লাভ কৰিলে কামাণ্ডোৰ চাকৰি। শিৱসাগৰ বেজবৰুৱা চুকৰ নিবাসী গুঞ্জা মহন আৰু নীতা মহনৰ পুত্ৰদ্বয়ে চাকৰি লাভ কৰাত পুৱাৰে পৰা আত্মীয়স্বজন, ওচৰ চুবুৰীয়া আহি অভিনন্দন জনোৱা পৰিলক্ষিত হয়।

'‘কামাণ্ডো হিচাপে সেৱা আগবঢ়াবলৈ এই সুযোগ লাভ কৰি অতি আনন্দিত হৈছোঁ। যথেষ্ট কষ্ট কৰিছিলোঁ। কষ্টৰ ফল পাইছোঁ'’ বুলি যমজ ভাতৃদ্বয়ে উল্লেখ কৰে।

আৰ্থিক অনাটনৰ মাজেৰে পিতৃ মাতৃয়ে অতি কষ্টৰে তেওঁলোকক গঢ়ি তুলিছে বুলিও কৃতজ্ঞতা প্ৰকাশ কৰে চমিৰন আৰু সমীৰণে।

আনহাতে, দুয়ো যমজ ভাতৃদ্বয়ে ইজনে সিজনক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাত সহায় কৰি নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল বুলিও সদৰি কৰে।

স্বচ্ছ তথা নিকাভাৱে এই নিযুক্তি দিয়াত অসম চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছে চমিৰন মহন আৰু সমীৰণ মহনৰ পিতৃ মাতৃয়ে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি