• Home
  • »
  • News
  • »
  • assam
  • »
  • নাজিৰাৰ গেলেকীত স্থাপন হ'ব অসম আৰক্ষীৰ অত্যাধুনিক কমাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয়, প্ৰশিক্ষণ কেন্দ্ৰ

নাজিৰাৰ গেলেকীত স্থাপন হ'ব অসম আৰক্ষীৰ অত্যাধুনিক কমাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয়, প্ৰশিক্ষণ কেন্দ্ৰ

প্ৰায় তিনিশ বিঘা মাটিত স্থাপন হ'বলগীয়া এই অত্যাধুনিক কমাণ্ডো বেটেলিয়ন মুখ্য কাৰ্যালয় তথা প্ৰশিক্ষণ কেন্দ্ৰত এহাজাৰ কমাণ্ডো থাকিব।

  • Share this:
অতি শীঘ্ৰেই অসম আৰক্ষীৰ এটি অত্যাধুনিক কমাণ্ডো বেটেলিয়ন মুখ্য কাৰ্যালয় তথা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন হ'ব নাজিৰাৰ গেলেকীত। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অধীনৰ কমলাবাৰীৰ কাষতে হ'ব অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় তথা প্ৰশিক্ষণ কেন্দ্ৰটো। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই শুকুৰবাৰে শিৱসাগৰ ভ্ৰমণ কালতে গেলেকীৰ এই স্থান পৰিদৰ্শন কৰাৰ পিছতে এই কথা জানিবলৈ দিয়ে।

প্ৰায় তিনিশ বিঘা মাটিত স্থাপন হ'বলগীয়া এই অত্যাধুনিক কমাণ্ডো বেটেলিয়ন মুখ্য কাৰ্যালয় তথা প্ৰশিক্ষণ কেন্দ্ৰত এহাজাৰ কমাণ্ডো থাকিব। অসম আৰক্ষীৰ  সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা ৰাজ্যিক বন বিভাগ আৰু প্ৰকৃতপ্ৰেমী তথা গেলেকী কমলাবাৰী পৰিচালনা সমতিৰ অধ্যক্ষ নিৰন গগৈক  ধন্যবাদ জনায়।  লগতে বন সংৰক্ষণ আৰু হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ ক্ষেত্ৰত নিৰন গগৈয়ে লোৱা পদক্ষেপক শলাগ লয় ৷

উল্লেখযোগ্য যে শুকুৰবাৰে পুৱা অসম চৰকাৰৰ "মৈত্ৰী" আঁচনিৰ অধীনত ১ কোটি ৪২ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা বিহুৱৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহটি উদ্বোধন কৰিছিল অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷
Published by:Himangshu Bhuyan
First published: