• Home
  • »
  • News
  • »
  • assam
  • »
  • নিয়ম ভংগই যেন নিয়ম একাংশৰ, লকডাউনৰ এমাহত নিয়ম ভংগকাৰীৰ পৰা ১ কোটিৰো অধিক জৰিমনা সংগ্ৰহ

নিয়ম ভংগই যেন নিয়ম একাংশৰ, লকডাউনৰ এমাহত নিয়ম ভংগকাৰীৰ পৰা ১ কোটিৰো অধিক জৰিমনা সংগ্ৰহ

লকডাউনৰ সময়চোৱাত ঘটনা সংঘটিত হৈছে ২১১২টা অপৰাধজনিত ঘটনা।

লকডাউনৰ সময়চোৱাত ঘটনা সংঘটিত হৈছে ২১১২টা অপৰাধজনিত ঘটনা।

লকডাউনৰ সময়চোৱাত ঘটনা সংঘটিত হৈছে ২১১২টা অপৰাধজনিত ঘটনা।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ এপ্ৰিলত ২য় পৰ্যায়ৰ লকডাউন ঘোষণা কৰাৰ পিছতো  একাংশ লোকে কোনো কাৰণ নোহোৱাকৈ ৰাজপথলৈ গাড়ী–মটৰ লৈ ওলাই ফুৰিছে৷ কোভিড–১৯ৰ চেইনডাল ভংগ কৰাৰ বাবে দিয়া লকডাউনত উলংঘা কৰিছে ৰাজ্যৰ বহু লোকে৷ প্ৰথম পৰ্যায়ৰ লকডাউনৰ সমানে ২য় পৰ্যায়তো একাংশ লোকে ভংগ কৰিছে আইন৷ তাৰ লগে লগে অসম আৰক্ষীয়েও সেইসকলৰ বিৰুদ্ধে গ্ৰহণ কৰিছে আইনী ব্যৱস্থা৷

২৪ মাৰ্চত লক ডাউন ঘোষণা হোৱাৰ পৰা ২৩ এপ্ৰিলৰ বিয়লিলৈকে অসম আৰক্ষীয়ে জব্দ কৰিছে ১৮,৫৮১খন বাহন৷ ইয়াৰে ১৬,৮৭২খন দুচকীয়া, ২১৬খন  তিনিচকীয়া, ১৪৬৪ খন চাৰিচকীয়া, ১৫খন ট্ৰাককে ধৰি দেশীয় নাও আৰু মেচিন নাও জব্দ কৰিছে৷ অকল যান–বাহন জব্দ কৰাই নহয়, ১২৫৬টা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ২,৩৯১ জন ব্যক্তিক৷ জৰিমনা সংগ্ৰহ কৰিছে ১ কোটি ১১ লাখ ১৫ হাজাৰ টকা৷

লকডাউনৰ সময়চোৱাত ঘটনা সংঘটিত হৈছে ২১১২টা অপৰাধজনিত ঘটনা। ইয়াৰ লগত উৰাবাতৰি তথা ছছিয়েল মিডিয়া ভুৱা বাতৰিৰ ক্ষেত্ৰটো লৈছে কঠোৰ পদক্ষেপ৷ ছচিয়েল মিডিয়াত উৰাবাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে ৰুজু কৰিছে ৮৫টা গোচৰ, গ্ৰেপ্তাৰ কৰিছে ১৬জনকক৷ আনহাতে CrPC ৰ 41(A) ধাৰাত ১৫জনক জাননী জাৰি কৰিছে  আৰক্ষীয়ে ৷ অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যৰ ২১টা স্থানত containment zone ঘোষণা কৰিছে।

আনহাতে, লকডাউনৰ সময়চোৱাত সকলোতকৈ অধিক জৰিমনা বিহিছে গুৱাহাটী আৰক্ষীয়ে ৷ এমাহৰ লকডাউনত ৮,৬৭২খন বাহন জব্দ কৰাৰ ওপৰি জৰিমনা বিহিছে ৫৩,৪৪,৬০০ টকা৷ য’ত গোচৰ ৰুজু হৈছে ৭৫টা, গ্ৰেপ্তাৰ কৰিছে ৪০৫ জনক।
Published by:Sanjay Kumar Das
First published: