দিনক দিনে ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা৷ কিন্তু তাৰ পিছতো একাংশ লোকে এতিয়াও মানিব বিচৰা নাই কোৰোণাৰ পৰা বাচিবলৈ চৰকাৰে বান্ধি দিয়া নীতি–নিয়ম৷ চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পিন্ধা তথা সামাজিক দূৰত্ব মানি চলাৰ বাবে আহ্বান কৰিছিল৷ কিন্তু একাংশ লোকে এতিয়াও সজাগ–সচেতন হোৱা নাই৷ লকডাউনৰ সময়চোৱাত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাৰ বাবে ৰাজ্যজুৰি আৰক্ষীয়ে জৰিমনা বিহাৰ পৰিসংখ্যাই প্ৰমাণ কৰিছে যে একাংশ লোক এতিয়াও মানি চলা নাই চৰকাৰৰ নিৰ্দেশনা৷
২৫ মাৰ্চৰ পৰা ১৭ জুন নিশালৈকে অসম আৰক্ষীয়ে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা বিহিলে প্ৰায় ৪৮,৭৮,১০০ টকা৷ অকল গুৱাহাটীতে আৰক্ষীয়ে জৰিমনা বিহিলে ১৩ লাখ ৯০ হাজাৰ টকা৷
লকডাউন আৰম্ভ হোৱাৰ পৰা অকল মাস্ক পৰিধান নকৰাৰ বাবেই নহয়, অসম আৰক্ষীয়ে লকডাউনৰ সময়ত বিভিন্ন নীতি–নিয়ম নমনা লোকৰ পৰা সংগ্ৰহ কৰিছে ৩ কোটি ৯৪ লাখ ৬৯ হাজাৰ ৪৫০ টকা৷
আনহাতে চৰকাৰে বান্ধি দিয়া নীতি–নিয়ম উলংঘা কৰা ৪৬২৯ জনক গ্ৰেপ্তাৰ কৰিছে৷ ৰাজ্যজুৰি ১৭০টা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ তাৰে ১০৫টা আছে গুৱাহাটীত৷ আনহাতে, নিয়ম ভংগ কৰা প্ৰায় ৩৩ হাজাৰ গাড়ীও জব্দ কৰিছে আৰক্ষীয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|