• Home
  • »
  • News
  • »
  • assam
  • »
  • ১ জুনৰ পৰা দেশজুৰি Unlock 1.0, বিগত তিনিমাহত অসমত লকডাউন ভংগ কৰা লোকৰ পৰা সংগ্ৰহ ৩ কোটি ১৩ লাখ টকাৰ জৰিমনা

১ জুনৰ পৰা দেশজুৰি Unlock 1.0, বিগত তিনিমাহত অসমত লকডাউন ভংগ কৰা লোকৰ পৰা সংগ্ৰহ ৩ কোটি ১৩ লাখ টকাৰ জৰিমনা

অসম আৰক্ষীয়ে লকডাউনৰ নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰিছিল ২৬৫৩টা গোচৰ৷

অসম আৰক্ষীয়ে লকডাউনৰ নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰিছিল ২৬৫৩টা গোচৰ৷

অসম আৰক্ষীয়ে লকডাউনৰ নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰিছিল ২৬৫৩টা গোচৰ৷

  • Share this:
বিশ্বজুৰি কোভিড–১৯ ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে মাৰ্চ মাহৰ ২৪ তাৰিখে দেশজুৰি দিছিল সম্পূৰ্ণ লকডাউন৷ তাৰ পিছত পৰ্যায়ক্ৰমে দেশজুৰি দিছিল ৩১ মে’ পৰ্যন্ত লকডাউন৷ এই সমছোৱাত চৰকাৰে দিছিল সাধাৰণ ৰাইজৰ সুবিধাৰ বাবে দিছিল শিথিলতা৷ শিথিলতাৰ লগে লগে বান্ধি দিছিল কিছু নীতি–নিয়মো৷ যিসমূহ উলংঘা কৰিলে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিছিল আৰক্ষীয়ে৷ কিন্তু তাৰ পিছতো একাংশ লোকে মনা নাছিল লকডাউনৰ নীতি–নিৰ্দেশনা৷ যাৰ ফলত অসম আৰক্ষীয়ে কঠোৰ আইনী ব্যৱস্থা লৈছিল তেনে লোকৰ বিৰুদ্ধে৷

অসম আৰক্ষীয়ে ২৫ মাৰ্চৰ পৰা ৩০ মে’ পৰ্যন্ত জৰিমনা সংগ্ৰহ কৰিলে মুঠ ৩ কোটি ১৩ লাখ ৩ হাজাৰ ৩৫০ টকা৷ বাহন জব্দ কৰিলে ৩০ হাজাৰখন৷ য’ত চাৰি চকীয়া ২৬০২খন আৰু দুচকীয়া বাহন জব্দ ২৬৬১৮খন৷ অসম আৰক্ষীয়ে লকডাউনৰ নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰিছিল ২৬৫৩টা গোচৰ৷ গ্ৰেপ্তাৰ কৰিলে ৪৬০৫ জন লোকক৷ আনহাতে লকডাউনৰ সমছোৱাত ঘটনা সংঘটিত হৈছিল ৩১৯৮ টা৷

অকল ইমানেই নহয়, লকডাউনৰ সময়ত ছচিয়েল মিডিয়াত ভুৱা বাতৰি প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰিছে ৯৬টা গোচৰ৷ গ্ৰেপ্তাৰ কৰিলে ৫০জনক লোকক৷ ইয়াৰে ১২জনে জামিনত মুক্তি লাভ কৰিছে৷

সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, প্ৰশাসনে ৰাজহুৱা স্থানত সকলোকে মাস্ক পিন্ধাৰ বাবে নীতি নিৰ্ধাৰণ কৰি দিছিল৷ যদি কোনোবাই এই নিয়ম উলংঘা কৰে তেন্তে আৰক্ষীয়ে তেনে লোকক জৰিমনা বিহাৰ নিয়ম কৰিছিল৷ কিন্তু চৰকাৰে বান্ধি দিয়া নিয়ম একাংশ লোকে ভৰিৰে মোহাৰি ৰাজপথত ঘূৰি ফুৰিছিল৷ যাৰ বাবে অসম আৰক্ষীয়ে জৰিমনা বিহিলে ৬৯৯৩ জনক৷ জৰিমণা সংগ্ৰহ কৰিলে ৩৪ লাখ ৬৯ হাজাৰ ৫০০ টকা৷
Unlock 1.0 ৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নতুন নীতি–নিৰ্দেশনা জাৰি কৰিছে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি