যান-বাহনৰ কথা নকওৱেই! কেৱল মাস্ক নিপিন্ধা সকলৰ পৰা অসম আৰক্ষীয়ে সংগ্ৰহ কৰিলে ২৫ লাখ টকাৰ জৰিমনা

News18 Assam | News18-Assam
Updated:May 23, 2020, 7:15 PM IST
যান-বাহনৰ কথা নকওৱেই! কেৱল মাস্ক নিপিন্ধা সকলৰ পৰা অসম আৰক্ষীয়ে সংগ্ৰহ কৰিলে ২৫ লাখ টকাৰ জৰিমনা
Source-Google

যান বাহন উলংঘা কৰা সকলৰ পৰা সংগ্ৰহ কৰিলে প্ৰায় ২ কোটি ৮৪ লাখ ৯২ হাজাৰ ৩৫০ টকাৰ জৰিমনা।

  • Share this:
ল’কডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা আইন আমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ ল’ক ডাউনৰ সময়ত প্ৰশাসনৰ নীতি নিৰ্দেশনা নমনা লোকৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ আইনী ব্যৱস্থা ৷ কেৱল বাহন উলংঘা কৰা লোকৰ পৰা অসম আৰক্ষীয়ে সংগ্ৰহ কৰিলে প্ৰায় ২ কোটি ৮৪ লাখ ৯২ হাজাৰ ৩৫০ টকাৰ জৰিমনা ৷ গাড়ী জব্দ কৰিছে ২৮,৫০২ খন ৷ গোচৰ ৰুজু হৈছে ২,৪১৩ ৷ আটক কৰিছে ৪,৫২৬ জনক ৷ য’ত আছে দুছকীয়া বাহন ২৫,৩৯৫, চাৰিচকীযা ২,৪১৮ খন ৷ ইয়াৰ উপৰিও দেশীয় নাও ২৩ খন আৰু মেচিন নাও ১১ খন ৷

কিন্তু ইয়াৰ মাজতে সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ১৩ মে ৰ পৰা অসম চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহাৰ ব্যৱস্থা কৰিছিল ৷ ফলস্বৰূপে বিগত ৯ দিনত সমগ্ৰ অসমত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ পৰা সংগ্ৰহ কৰিলে ২৫ লাখ ১৯ হাজাৰ ৫০০ টকা ৷ য’ত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিলে সৰ্বাধিক ৬ লাখ ৫৩ হাজাৰ টকা ৷ ১৩ মে’ৰ দিনাই সংগ্ৰহ হৈছিল ৬৫,৫০০ টকা ৷

১৪ তাৰিখে ৮০ হাজাৰ, ১৫ তাৰিখে সৰ্বাধিক ১লাখ ৭হাজাৰ ৫০০ টকা, ১৬ তাৰিখে ৭৫,৫০০ টকা, ১৭ তাৰিখে ৮৫,০০০ টকা, ১৮ তাৰিখে ৫৬০০০ টকা, ১৯ তাৰিখে ৬৩৫০০ টকা, ২০ তাৰিখে ৬০৫০০টকা, ২১ তাৰিখে সৰ্বনিম্ন ১৪,৫০০ টকা আৰু ২২ তাৰিখে ৪৫,০০০ হাজাৰ টকা।

অসম আৰক্ষীয়ে লকডাউনৰ সময়ত উৰা বাতৰি বিয়পোৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৯৬ টা য’ত গ্ৰেপ্তাৰ কৰিছে ৫০ জন লোকক ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading