உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰিব নোৱৰাত সাৰি যায় ড্ৰাগছ ব্যৱসায়ী, বিধানসভাত ওলাল উদ্বেগজনক তথ্য

    আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰিব নোৱৰাত সাৰি যায় ড্ৰাগছ ব্যৱসায়ী, বিধানসভাত ওলাল উদ্বেগজনক তথ্য

    ইমানলৈকে ঠিকেই আছে, ড্ৰাগছ ধৰিছে, অপৰাধী ধৰিছে, পলাবলৈ ধৰা অপৰাধীক এনকাউণ্টাৰো কৰিছে, কিন্তু...

    ইমানলৈকে ঠিকেই আছে, ড্ৰাগছ ধৰিছে, অপৰাধী ধৰিছে, পলাবলৈ ধৰা অপৰাধীক এনকাউণ্টাৰো কৰিছে, কিন্তু...

    ইমানলৈকে ঠিকেই আছে, ড্ৰাগছ ধৰিছে, অপৰাধী ধৰিছে, পলাবলৈ ধৰা অপৰাধীক এনকাউণ্টাৰো কৰিছে, কিন্তু...

    • Share this:

    ড্ৰাগছ ৷ এই ড্ৰাগছেই ক'লা ডাৱৰ নমাই আনিছে উঠি অহা প্ৰজন্মলৈ ৷ আজিৰ প্ৰজন্মক নিঃশেষ কৰিবলৈ চৌদিশে জাল পেলাইছে ড্ৰাগছ ব্যৱসায়ীয়ে। সোমবাৰে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিধানসভাত উত্থাপন কৰিছিল ড্ৰাগছৰ প্ৰসংগ ৷ ২০১৬ চনৰ মে' মাহৰ পৰা ২০২১ৰ জানুৱাৰীলৈ ৰাজ্যত জব্দ হৈছিল ৪১৭ কোটি ৮৪ লাখ ৫৫ হাজাৰ টকাৰ ড্ৰাগছ ৷ ড্ৰাগছক লৈ গোচৰ ৰুজু হৈছিল ৩০০৯টা ৷ গ্ৰেপ্তাৰ হৈছিল ৪৭৩৭জন অপৰাধী ৷


    ঠিক একেদৰে সৰুক্ষেত্ৰীৰ কংগ্ৰেছী বিধায়কজনে জানিব বিচাৰিছিল ২০২১ৰ মে' মাহৰ পৰা বৰ্তমানলৈকে কিমান পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হ'ল আৰু কিমান লোকক কৰা হ'ল গ্ৰেপ্তাৰ? গৃহবিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উত্তৰত লিখিলে চলিত বৰ্ষৰ মে' মাহৰ পৰা এই পৰ্যন্ত ৰাজ্যত ১১৭ কোটি ৬৯ লাখ ৯৬ হাজাৰ মূল্যৰ ড্ৰাগছ জব্দৰ লগতে এই সময়ছোৱাত ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল ১০২২টা ৷


    গ্ৰেপ্তাৰ হোৱা অপৰাধীৰ সংখ্যা ১৭৬৪জন ৷ ইমানলৈকে ঠিকেই আছে ৷ ড্ৰাগছ ধৰিছে, অপৰাধী ধৰিছে, পলাবলৈ ধৰা অপৰাধীক এনকাউণ্টাৰো কৰিছে ৷ কিন্তু চাৰ্জশ্বীট আৰক্ষীয়ে সময়ত দাখিল কৰিব নোৱৰাত বহু অপৰাধী জামিনত মুকলি হৈ পুনৰ অব্যাহত ৰাখিছে ড্ৰাগছৰ বেহা, যাক লৈ ক্ষোভিত জাকিৰ হুছেইন শিকদাৰ ৷


    জাকিৰ হুছেইন শিকদাৰ নাৰাজ৷ শিকদাৰে ২০১৬ৰ পৰা বৰ্তমানলৈকে বিচৰা তথ্যৰ বিপৰীত খোদ গৃহ বিভাগেই কৈছে ৰুজু হোৱা ৪২৭২টা গোচৰৰ বিপৰীতে ২৭১৬টা গোচৰৰ বিৰুদ্ধেহে দিয়া হৈছে চাৰ্জশ্বীট৷ চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাৰ বাবে সাৰি গৈছে ১২৮২জন ড্ৰাগছ ব্যৱসায়ী ৷


    অসম আৰক্ষী যিহেতু গৃহ বিভাগৰ অন্তৰ্গত, গতিকে সকলোৱে বিচাৰিব ইটোৰ পিছত সিটো প্ৰজন্মক আন্ধাৰৰ কৰাল গ্ৰাসলৈ ঠেলি দিয়া ড্ৰাগছৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হওক আৰক্ষী ৷ এজনো যাতে অপৰাধী সাৰি নাযায় তাৰ ব্যৱস্থা লওক বিভাগটোৱে ৷ বিশেষকৈ চাৰ্জশ্বীট দাখিলৰ বিষয়টো গুৰুত্বসহকাৰে লওক বিভাগটোৱে ৷


    Published by:Gautam Barman
    First published: