বৰ্তমান সময়ত অনলাইন প্ৰৱঞ্চনাৰ ঘটনা প্ৰায়ে আমাৰ সমাজত সংঘটিত হৈ আহিছে। অনলাইন প্ৰৱঞ্চনাৰ বলি হৈ বহুজনে নিজৰ সাঁচতীয়া ধন হেৰুৱাবলগীয়া হৈছে। বিভিন্ন প্ৰলোভনেৰে অনলাইন প্ৰৱঞ্চকসকলে সাধাৰণ জনতাৰ মাজত মেলি দিয়ে প্ৰৱঞ্চনাৰ জাল। আৰু সেই জালত ভৰি দি সৰ্বস্বান্ত হ’বলগীয়া হয় বহুজন।
এনেধৰণৰ বিষয়বোৰক লৈ অসম আৰক্ষীয়ে সময়ে সময়ে জনসাধাৰণক সজাগ কৰি আহিছে। ছচিয়েল মিডিয়াযোগে আৰক্ষীয়ে জনসাধাৰণক সজাগ কৰি এনেধৰণৰ প্ৰৱঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে পৰামৰ্শ দি আহিছে।
শেহতীয়াকৈ আৰক্ষীয়ে আন এক গুৰুত্ব বিষয়ক লৈ জনতাক সজাগ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। ছচিয়েল মিডিয়াযোগে আৰক্ষীয়ে প্ৰদান কৰিছে সতৰ্কবাণী। 4G নেটৱৰ্ক 5Gলৈ উন্নীতকৰণৰ প্ৰস্তাৱেৰে অহা লিংকত ক্লিক নকৰিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে।
আৰক্ষীয়ে টুইটাৰত লিখিছে, ‘‘আপোনাৰ ৪ জি নেটৱৰ্ক ৫ জিলৈ উন্নীতকৰণৰ প্ৰস্তাৱেৰে অহা লিংকত ক্লিক কৰি নিজকে সৰ্বস্বান্ত কৰাৰ সুযোগ নিদিব। প্ৰৱঞ্চনাৰ সংকেত চিনাক্ত কৰক, প্ৰৱঞ্চকক প্ৰতিৰোধ কৰক।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|