এক আজৱ ঘটনা সংঘটিত হৈছে এইখন অসমত। নৰহত্যাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পোৱালিসহ এজনী পোহনীয়া হাতী ৷ ৮ মহীয়া পোৱালিসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুলুমণি নামৰ এজনী হাতীক ৷ বোকাখাত আৰক্ষীয়ে দুলুমণিক গ্ৰেপ্তাৰ কৰি চমজাই দিলে বন বিভাগক ৷ কিন্তু কোন এই দুলুমণি? দুলুমণিৰ অপৰাধ কি?
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই শূন্য সহনশীল নীতিৰে অসম আৰক্ষীয়ে তৎপৰতাৰে অপৰাধীক আটক কৰিছে ৷ বহু সময়ত অপৰাধী গুলীবিদ্ধও হৈছে, কেইবাজনো মৰিছে। কিন্তু বোকাখাত আৰক্ষীয়ে অপৰাধীৰ সমান্তৰালভাৱে হাতীও গ্ৰেপ্তাৰ কৰিব লগা হৈছে ৷ অপৰাধী মানুহৰ বিপৰীতে বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সন্তানসহ দুলুমণি নামৰ এজনী হাতী ৷ হাতীজনীৰ অপৰাধ নৰহত্যা৷