মহানগৰীৰ মাজমজিয়াত ফাঁচীবজাৰৰ হোটেল ৰাজহংসত দিনদুপৰতে উদ্ধাৰ হৈছিল মহিলাৰ মৃতদেহ ৷ আৰক্ষীয়ে এয়া হত্যাকাণ্ড বুলি দেখিয়েই বুজি পাইছিল আৰু আৰম্ভ কৰিছিল তদন্ত।
দুদিন ধৰি হোটেলৰ কক্ষটো বাহিৰৰ পৰা তলা লগাই ৰখা দেখি হোটেলৰ দ্বিতীয় ছাবিৰে ৰুমটো খুলিছিল কৰ্মচাৰীয়ে ৷ ৰুমটো খুলিয়ে দেখিছিল এই দৃশ্য। সন্দেহ উপজিছিল ১০ দিন পূৰ্বে হোটেলত একেলগে ৰুমটোত থকা স্বামী ৰূপী ফাইজুদ্দিনলৈ ৷
আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ আহিছিল ফাইজুদ্দিনে হত্যা কৰিছিল মহিলাগৰাকীক। ইতিমধ্যে দেওবাৰে পশ্চিমবংগ আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ফাইজুদ্দিনক৷ ফাইজুদ্দিনক বিচাৰি মহানগৰ আৰক্ষীৰ এটা দল ৰাওনা হৈছিল বহিঃৰাজ্যলৈ ৷ আৰু অৱশেষত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল৷ অৱশ্যে এতিয়াও হত্যাৰ কাৰণ স্পষ্ট হোৱা নাই ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|