বিহুৰ মাজতে অসমৰ বাবে ভয়ংকৰ খবৰ। অসমত জাল পেলাইছে অল কায়দাই। নামনি অসমত খোপনি পুটিছে অল-কায়দাই। বৰপেটাত গ্ৰেপ্তাৰ অল-কায়দাৰ ৬ জেহাদী।
জেহাদীকেইটাক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। গ্ৰেপ্তাৰ হোৱা সদস্য কেইজন ইতিমধ্যে অল কায়দা ইন ইণ্ডিয়ান চাব-কণ্টিনেণ্টৰ সদস্য বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।
সদস্য কেইজনক আৰক্ষীয়ে ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিছে। সৰুক্ষেত্ৰীৰ মুফটি ছুলেইমান আলী, হাউলীৰ খণ্ডকাৰপাৰৰ জাহিদুল ইছলাম, হাউলী কুমল্লীপাৰাৰ ছাদ্দাম হুছেইন, ধানবন্ধা গৰৈমাৰী পথাৰৰ ৰছিদুল ইছলাম, বৰপেটাৰোডৰ দুই ভাই-ককাই মুছাৰফ হুছেইন আৰু মকিবুল হুছেইন। ইয়াৰে মফিবুল পিএফআইৰ সদস্য বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। জেহাদী কেইটাৰ পৰা জব্দ কৰা হৈছে ১৫টা মোবাইল ফোন আৰু বহুসংখ্যক ছিমকাৰ্ড।
ইয়াৰ পূৰ্বে ৪ মাৰ্চতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অল কায়দাৰ ৫ জেহাদীক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|