• Home
  • »
  • News
  • »
  • assam
  • »
  • পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ সন্ধান দিওতালৈ আৰ্থিক পুৰস্কাৰ ঘোষণা

পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ সন্ধান দিওতালৈ আৰ্থিক পুৰস্কাৰ ঘোষণা

বৰ্তমানলৈ নয়নপুৰৰ ডমিন’জৰ ডকাইতি কাণ্ডৰো কোনো ক্লু পোৱা নাই মহানগৰ আৰক্ষীয়ে

বৰ্তমানলৈ নয়নপুৰৰ ডমিন’জৰ ডকাইতি কাণ্ডৰো কোনো ক্লু পোৱা নাই মহানগৰ আৰক্ষীয়ে

বৰ্তমানলৈ নয়নপুৰৰ ডমিন’জৰ ডকাইতি কাণ্ডৰো কোনো ক্লু পোৱা নাই মহানগৰ আৰক্ষীয়ে

  • Share this:
মহানগৰীত শেহতীয়াকৈ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা। শেহতীয়াকৈ দুটাকৈ শিহৰণকাৰী ডকাইতি–হত্যাকাণ্ডৰ পিছতো দুৰ্বৃত্তৰ তথ্য বিচাৰি উলিওৱাত ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী যদিও তথ্য পোৱা বুলি দাবী কৰিছে আৰক্ষীয়ে। পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ পিছত এতিয়া নয়নপুৰৰ ডমিন’জৰ ডকাইতি কাণ্ডৰো কোনো ক্লু পোৱা নাই মহানগৰ আৰক্ষীয়ে।

উল্লেখ্য যে, ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ কোনো ক্লু বিচাৰি নাপাই আৰক্ষীয়ে অৱশেষত হত্যাকাৰীৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে। হত্যাকাৰীৰ সন্ধান দিওতালৈ আৰক্ষীয়ে ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। লগতে মহানগৰ আৰক্ষীয়ে ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিবলৈ এটা হোৱাটচএপ নম্বৰ শ্বেয়াৰ কৰে। এই নম্বৰটো হৈছে ৬০২৬৯০১২৪৭।

আনহাতে, নয়নপুৰৰ ডমিন’জত কৰ্মচাৰী জীতেন বৰ্মনৰ হাত ভৰি বান্ধি লুটপাত কৰাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতো বৰ্তমানলৈ আৰক্ষীয়ে  ডকাইতৰ কোনো শুংসূত্ৰ পোৱা নাই।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি