কোৰণা ভাইৰাছে বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়ত দেশৰ উশ্বু খেলুৱৈসকল যাতে হতাশগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকসকলে অনুষ্ঠিত কৰে এই প্ৰতিযোগিতা।
কোৰণা ভাইৰাছে বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়ত দেশৰ উশ্বু খেলুৱৈসকল যাতে হতাশগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকসকলে অনুষ্ঠিত কৰে এই প্ৰতিযোগিতা।
অসমৰ প্ৰতিভাৱান আন্তঃৰাষ্ট্ৰীয় সমৰকলাবিদ জ্যোতিৰ্মান বৰাই অনলাইনযোগে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় উশ্বু চেম্পিয়নশ্বীপত তিনিটা স্বৰ্ণপদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ১৫ মে’ৰ পৰা ১৮ মে’লৈ জুম এপযোগে সামাজিক দূৰত্ব বজাই ৰাখি ভাৰতীয় উশ্বু সন্থাই প্ৰথমবাৰলৈ আযোজন কৰে অনলাইন ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাখন।
কোৰণা ভাইৰাছে বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়ত দেশৰ উশ্বু খেলুৱৈসকল যাতে হতাশগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকসকলে অনুষ্ঠিত কৰে এই প্ৰতিযোগিতা। সমগ্ৰ দেশৰ মুঠ ৭০০ খেলুৱৈয়ে অংশ লোৱা অনলাইন ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাখন কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। প্ৰতিযোগিতাত অসমৰ জ্যোতিৰ্মান বৰাই তিনিটা স্বৰ্ণপদক লাভ কৰে।
অসমৰ আন কেবাগৰাকীও খেলুৱৈয়ে পদক পাবলৈ সক্ষম হৈছে। শ্বিলঙৰ অসম ৰেজিমেণ্টেল চেণ্টাৰৰ বয়জ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ জ্যোতিৰ্মানে ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো সফল হৈছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|