অৱশেষত ভূপালৰ পৰীক্ষাগাৰৰ পৰা আহিল ৰিপৰ্ট। অসমৰ ছখন জিলাৰ গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত। এতিয়া জিলা কেইখনৰ গাহৰি হত্যা(কলিঙ)ৰ সিদ্ধান্ত ল’ব পাৰে ৰাজ্য চৰকাৰে।
উল্লেখযোগ্য যে, ৰাজ্যৰ ৬ খন জিলা ক্ৰমে ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ, বিশ্বনাথ আৰু যোৰহাটত অত্যাধিক হাৰত গাহৰিৰ মৃত্যু হোৱাৰ পিছতে গাহৰিৰ চেম্পল পৰীক্ষাৰ বাবে ভূপাললৈ পঠিওৱা হৈছিল। আৰু অৱশেষত ভূপালৰ পৰীক্ষাগাৰে জিলা কেইখনৰ গাহৰি আফ্ৰিকান ছোৱাইন ফেভাৰত আক্ৰান্ত হোৱাটো নিশ্চিত কৰে।
ইফালে গাহৰিৰ অস্বাভাৱিক মৃত্যুক লৈ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক।বৈঠকত উপস্থিত থাকে পশুপালন মন্ত্ৰী অতুল বৰা আৰু বিভাগীয় আমোলা বিষয়া।
সংবাদমাধ্যমৰ আগত অতুল বৰাই কয় যে, ‘পূৰ্বতে এই ফিভাৰ ভাৰতবৰ্ষত হোৱা নাছিল।অৰুণাচলৰ পৰা এই ভাইৰাছ অসমত প্ৰৱেশ কৰিছে। প্ৰথমে এই ফিভাৰ অৰুণাচলত হৈছিল। অৰুণাচলৰ পিছত জোনাইত দেখা দিছিল আফ্ৰিকান ছোৱাইন ফিভাৰ।’
মন্ত্ৰী অতুল বৰাই লগতে কয় যে, ‘২০১৯ চনৰ লোকপিয়ল মতে ৰাজ্যত আছে ২১ লাখ গাহৰি। এতিয়া এই সংখ্যা আৰু বাঢ়িছে। এনে অনাকাংক্ষিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ গাইড লাইন আছে। গাইড লাইন মতে, এই ফিভাৰ হ'লে গাহৰি সমূহ মাৰি পেলাব লাগে। গাহৰি পালক সকলৰ লগত কথা পাতিহে এই এই বিষয়ে সিদ্ধান্ত ল’ব বিভাগে। চৰকাৰৰ লক্ষ্য হ’ব এই সংক্ৰমণ ৰোধ কৰা।’
ইতিমধ্যে প্ৰভাৱিত আটাইকেইখন জিলাতেই গাহৰিৰ বেচা-কিনা নিষিদ্ধ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|