• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যবাসীৰ মূৰত মাধমাৰ! ১০খন জিলাত শতকৰ ঘৰ স্পৰ্শ কৰিলে পেট্ৰ'ল-ডিজেলৰ মূল্যই

ৰাজ্যবাসীৰ মূৰত মাধমাৰ! ১০খন জিলাত শতকৰ ঘৰ স্পৰ্শ কৰিলে পেট্ৰ'ল-ডিজেলৰ মূল্যই

গুৱাহাটীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.৩১ টকা।

গুৱাহাটীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.৩১ টকা।

গুৱাহাটীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.৩১ টকা।

  • Share this:
অসমতো অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। ৰাজ্যখনৰ ১০ খন জিলাত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্যই অতিক্ৰম কৰিছে শতকৰ ঘৰ। অসমৰ এই ১০ খন জিলা হৈছে- ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, নগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, ওদালগুৰি, কৰিমগঞ্জ আৰু শিৱসাগৰ।

দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীতো পেট্ৰ’লৰ মূল্য নিয়মীয়াকৈ বৃদ্ধি পাইছে। শেহতীয়া ০.২৮ টকা বৃদ্ধিৰ ফলত গুৱাহাটীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.৩১ টকালৈ বৃদ্ধি হৈছে।

ডিজেলৰ মূল্যও বৃদ্ধি হৈ প্ৰতি লিটাৰত ৯১.৪৬ টকা হৈছে। সমগ্ৰ দেশতে একেৰাহে তৃতীয় দিনৰ বাবে ইন্ধনৰ মূল্যবৃদ্ধি পাইছে। সমগ্ৰ ভাৰতত ইন্ধনৰ মূল্য নিয়মীয়াকৈ বৃদ্ধি হৈ আহিছে, যাৰ ফলত কেইবাখনো মুখ্য চহৰত ইয়াৰ মূল্যই ১০০ অতিক্ৰম কৰিছে।

পেট্ৰ’লৰ মূল্যই ১০০ অতিক্ৰম কৰা দেশৰ প্ৰথম চহৰ আছিল ভূপাল। চহৰখনত মে’ মাহতে ইয়াৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছিল। ইয়াৰ পিছত এই সংখ্যা অতিক্ৰম কৰা চহৰ দুখন হ’ল জয়পুৰ আৰু মুম্বাই। হায়দৰাবাদ আৰু বেংগালুৰুয়ে জুন মাহত এই সংখ্যাত উপনীত হৈছিল। আনহাতে ৰাজধানী দিল্লী, কলকাতা আৰু চেন্নাইয়ে জুলাই মাহত শতকৰ ঘৰ অতিক্ৰম কৰিছিল। উল্লেখযোগ্য যে, পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে এতিয়া প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল -সাংগঠনে।
Published by:Himangshu Bhuyan
First published: