ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য।
ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য।
ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য। বৃহস্পতিবাৰে লখিমপুৰ জিলাত পেট্ৰ'লৰ দামে স্পৰ্শ কৰিলে ১০০ৰ ঘৰ। ঢকুৱাখনাত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হলগৈ ১০০.০৭ টকা। মাজনিশা প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৩৬ পইচা। আনহাতে লখিমপুৰৰ অন্য স্থানত ১০০ অতিক্ৰম কৰা নাই যদিও ৯৯ টকা ৮৫ পইচা অতিক্ৰম কৰিলে মূল্যই।
ইফালে ৰাজ্যৰ অন্যান্য প্ৰান্ততো বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত পেট্ৰ'লৰ দাম হৈছেগৈ ৯৭.৩৪ টকা। সেইদৰে প্ৰতি লিটাৰ ডিজেলৰ দাম ৮৯.২২ টকা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|